অসম

assam

ETV Bharat / state

চতুৰ্থবাৰৰ বাবে মনোনয়ন দাখিল চন্দন ব্ৰহ্মৰ - প্ৰাক্তন উপ মুখ্য চন্দন ব্ৰহ্ম, চিদলী সমষ্ঠীৰ প্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী,বিপিএফৰ পাৰিষদ দ্বয় ক্ৰমে জেমচ বসুমতাৰী আৰু পানীৰাম ব্ৰহ্ম

চিদলী সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই চতুৰ্থবাৰৰ বাবে মনোনয়ন দাখিল কৰে । বিটিচিৰ ১২ খন আসন বিপিএফে দখল কৰাৰ দাবী ব্ৰহ্মৰ ।

চতুৰ্থ বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিলে চন্দন ব্ৰহ্মই
চতুৰ্থ বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিলে চন্দন ব্ৰহ্মই

By

Published : Mar 18, 2021, 9:04 PM IST

চিৰাং,18 মাৰ্চ:আজি ৩১ নং চিদলী (জনজাতি) বিধানসভা সমষ্টিৰ চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰি মনোনয়ন দাখিল কৰিলে চন্দন ব্ৰহ্মই । কেইবা হাজাৰ লোকক লগত লৈ ঢোলে-ডগৰে নাচি-বাগি সমদল কৰি মনোনয়ন দাখিল কৰে ব্ৰহ্মই ।

চতুৰ্থ বাৰৰ বাবে প্ৰাৰ্থিত্ব লাভ কৰিলে চন্দন ব্ৰহ্মই

মনোনয়ন দাখিলত তেওঁক সংগ দিয়ে বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰী, চিদলী সমষ্টিৰ প্ৰাক্তন বিধায়ক মতিন্দ্ৰ বসুমতাৰী, বিপিএফৰ পাৰিষদদ্বয় ক্ৰমে জেমচ বসুমতাৰী আৰু পানীৰাম ব্ৰহ্মসহ কেইবা হেজাৰ সমৰ্থকে ।

চতুৰ্থবাৰৰ বাবে মনোনয়ন দাখিল চন্দন ব্ৰহ্মৰ

চিৰাং জিলা উপায়ুক্ত তথা চিদলী সমষ্টিৰ নিৰ্বাচনী বিষয়া গৌতম তালুকদাৰৰ ওচৰত মনোনয়ন দাখিল কৰে ব্ৰহ্মই । মনোনয়ন দাখিল কৰি চন্দন ব্ৰহ্মই কয় যে বিপিএফ দলে মোক চতুৰ্থবাৰৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু মনোনয়ন দাখিল কৰি ভাল লাগিছে । "নিজে স্থাপন কৰা চিৰাং জিলাত আজি দ্বিতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰিলো । বিটিচিৰ ১২ খন আসনেই বিপিএফৰ দখলত থাকিব আৰু মহাজোঁট বন্ধনে অসমত চৰকাৰ গঠন কৰিব সেয়া নিশ্চিত" বুলি কয় চন্দন ব্ৰহ্মই ।

লগতে পঢ়ক:কাক ভোট দিব চাহ শ্ৰমিকসকলে ?

ABOUT THE AUTHOR

...view details