অসম

assam

By

Published : Apr 5, 2021, 1:14 PM IST

ETV Bharat / state

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন

কাইলৈ ৰাজ্যত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ হেভিৱেট নিৰ্বাচন । ৰাজ্যৰ ১২ খনকৈ জিলাৰ ৪০ টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন । চিৰাঙৰ দুই সমষ্টিৰ মুঠ ১৩ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যৎ বন্দী হ’ব ইভিএমত । চিৰাঙৰ কাজলগাঁৱত নিৰ্বাচন আয়োগৰ পূৰ্ণ প্ৰস্তুতি ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন

চিৰাং, ৫ এপ্ৰিল: দেওবাৰে সন্ধিয়া ৬ বজাত সামৰণি পৰে ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজ্যৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চিৰাং জিলা প্ৰশাসনে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৷ ৰাজ্যৰ তৃতীয় তথা অন্তিম পৰ্যায়ত চিৰাং জিলাৰ দুটাকৈ বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ এই দুটা সমষ্টি হৈছে ৩১নং চিদলী(জ) আৰু ৩৩ নং বিজনী সমষ্টি ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু চিৰাং জিলা প্ৰশাসন

সমষ্টি দুটাত মুঠ ১৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ইয়াৰে চিদলীৰ ৫ গৰাকী আৰু বিজনীৰ ৮ গৰাকী প্ৰাৰ্থী । উল্লেখ্য যে, চিদলী বিধান সভা সমষ্টিৰ ভোটাৰৰ সংখ্যা সৰ্বমুঠ ২০৫০৩৮ গৰাকী । মুঠ ভোট কেন্দ্ৰ ৩২৬ টা । ইয়াৰে ৯ টা জ'ন আৰু ২৬ টা ছেক্টৰৰ ব্যৱস্থা কৰা হৈছে । মহিলাসকলৰ দ্বাৰা পৰিচালিত ৩ টা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থাও কৰা হৈছে ।

চিৰাং জিলা প্ৰশাসন

১৫৭০ গৰাকী বিষয়া-কৰ্মচাৰী নিয়োগেৰে মঙলবাৰে সুচাৰুৰূপে নিৰ্বাচন পৰিচালনা কৰিবলৈ ইতিমধ্যে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে । কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ'বলৈ নিৰাপত্তা ব্যৱস্থাও অধিক কটকটীয়া কৰি তুলিছে জিলা নিৰ্বাচন আয়োগে ।

লগতে পঢ়ক: সামৰণি পৰিল জখলাবন্ধাৰ বিহু কৰ্মশালা

ABOUT THE AUTHOR

...view details