চিৰাং, ৩ জুলাই :ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ষ্টেট অ'ণ্ড প্ৰায়োৰিটী ডেভেলপমেন্ট (State Owned Priority Development) চমুকৈ এছ অ' পি ডি আঁচনিৰ অধীনত শনিবাৰে চিৰাং জিলাৰ কাশীকোত্ৰা ছীড ফাৰ্মত (Kashikotra Seed Farm) কঠীয়া সিঁচা কামৰ শুভাৰম্ভ কৰা হয় ৷ বাহাদুৰ চাব ওৱান (Bahadur sub 1) ধানৰ বীজ সিঁচি এই কঠীয়া সিঁচাৰ কাম শুভাৰম্ভ কৰে চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথে ৷ এই কঠীয়া সিঁচা কাৰ্যসূচীত বিটিচিৰ (BTC) পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰী, চিৰাং জিলাৰ কৃষি বিভাগৰ জিলা কৃষি বিষয়া অমৃত লাল নাৰ্জাৰীসহ কৃষি বিভাগৰ বিষয়া আৰু কৰ্মচাৰী, স্থানীয় খেতিয়ক উপস্থিত থাকে ৷
চিৰাং জিলা কৃষি বিভাগে কাশীকোত্ৰা ছীড ফাৰ্মত (Kashikotra seed farm) এইবেলি কুৰি হেক্টৰ মাটিত কঠীয়া সিঁচাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ এই কঠীয়া সিঁচাৰ কাম শুভাৰম্ভ কৰি চিৰাং জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা বিজনীৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি দিবাকৰ নাথে কাশীকোত্ৰা ছীড ফাৰ্মত (Kashikotra Seed Farm) থকা এশ বিঘা মাটিত কঠীয়াৰ উপৰি অন্য খেতি সম্পাদন কৰি উৎপাদনমুখী হৈ কৃষক ৰাইজৰ সহায় কৰাৰ পোষকতা কৰে ৷ অনুষ্ঠানত বিটিচিৰ (BTC) পৰিষদীয় সদস্য মাধৱ চন্দ্ৰ ছেত্ৰীয়ে বিটিচি কৃষি প্ৰধান এলেকা হিচাপে কৃষক ৰাইজে যাতে চৰকাৰী সুবিধা লাভ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ খেতিয়ক ৰাইজক চৰকাৰী সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷