চিৰাং, 29 মে': চিৰাঙত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত বৃহস্পতিবাৰে উৎকোচ লোৱাৰ সময়তে হাতে লোটে ধৰা পৰে চিৰাং জিলা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰ ৷ দীৰ্ঘ সময়ৰ সোধপোচ আৰু অভিযানৰ অন্তত নিশা ১০.৩০ বজাত অভিযান সামৰি বিষয়াগৰাকীক গুৱাহাটীলৈ লৈ যায় দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াসকলে ৷ উল্লেখ্য যে, জিলাখনৰ চিদলীৰ ঠুংকুবাৰীৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মুল্যৰ দোকানী ধনঞ্জয় বৰ্মনক এক লাখ টকাৰ দাবী জনাইছিল জিলা সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰে ৷ তাৰেই প্ৰথম কিস্তি ধন 20 হাজাৰ টকা নিবলৈ আহোতেই হাতে লোটে ধৰা পৰে বিষয়াগৰাকী ৷ ইয়াৰ পাছতে বিষয়াগৰাকীৰ চৰকাৰী আৱাসতো চলে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷
এই সমগ্ৰ ঘটনাৰ অভিযোগকাৰী চিদলীৰ ঠুংকুবাৰীৰ বিজেপি কৰ্মী ধনঞ্জয় বৰ্মনে জনোৱা মতে, তেওঁৰ পত্নী সবিতা বৰ্মনৰ নামত থকা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সুলভ মুল্যৰ দোকানত চাউল বিতৰণৰ বিসংগতি থকা বুলি ঠুংকুবাৰী গাঁৱৰ কেইজনমান যুৱকে মিছা অভিযোগেৰে এজাহাৰ দাখিল কৰে ৷ এপ্ৰিল মাহৰ চাউল বিতৰণৰ বিসংগতি সন্দৰ্ভক লৈ চলিত মে' মাহৰ প্ৰথম সপ্তাহতে চিদলী থানাত এজাহাৰ কৰিছিল যুৱককেইজনে । তাৰ পাছতে চিৰাং জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ দায়িত্বত থকা কাজলগাঁও সদৰ মহকুমাধিপতি জয়ন্ত সৰকাৰে উক্ত গোচৰটোৰ তদন্ত কৰে । গোচৰটোৰ তদন্তৰ আৰম্ভ হোৱাৰ পাছৰে পৰা সুলভ মুল্যৰ দোকানী অৰ্থাৎ সবিতা বৰ্মনক গোচৰৰ পৰা মুক্তি দিয়াৰ বাৱদ জয়ন্ত সৰকাৰে এক লাখ টকাৰ দাবী কৰা বুলি জনায় অভিযোগকাৰী ধনঞ্জয় বৰ্মনে । কিন্তু এই সন্দৰ্ভত তেওঁ টকা দিব নোৱাৰাৰ কথা স্পষ্টভাৱে জনোৱাৰ লগতে পত্নীৰ নামত থকা সুলভ মুল্যৰ দোকানৰ পঞ্জীয়ন বাতিল কৰিবলৈ অনুৰোধ জনাই মহকুমাধিপতি জয়ন্ত সৰকাৰক ৷ ইয়াৰ পাছতে ধনঞ্জয় বৰ্মনক সপৰিয়ালে জেললৈ পঠোৱাৰ ভাবুকি প্ৰদান কৰে মহকুমাধিপতিগৰাকীয়ে ৷