অসম

assam

ETV Bharat / state

চিৰাঙত ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম প্ৰদানৰ অভিযোগ - চিৰাঙৰ ৩৭৪ নং গৰাইমাৰী জেবি বিদ‍্যালয়

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম প্ৰদানৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । চিৰাঙৰ ৩৭৪ নং গৰাইমাৰী জে বি বিদ‍্যালয়ত নিম্ন মানৰ ইউনিফৰ্ম দলিয়াই পেলালে অভিভাৱকে।

চিৰাঙত ছাত্ৰ-ছাত্ৰীক নিম্মমানৰ ইউনিফৰ্ম প্ৰদানৰ অভিযোগ
চিৰাঙত ছাত্ৰ-ছাত্ৰীক নিম্মমানৰ ইউনিফৰ্ম প্ৰদানৰ অভিযোগ

By

Published : Jan 13, 2021, 12:47 PM IST

চিৰাঙ,13 জানুৱাৰী : চিৰাঙৰ বিজনী বড়োবাজাৰ শিক্ষা খণ্ডৰ অধীনৰ ৩৭৪ নং গৰাইমাৰী জে বি বিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে আগবঢ়োৱা ইউনিফৰ্ম দলিয়াই পেলালে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকে । মহাপ্ৰতাপি শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত ছাত্ৰ-ছাত্ৰীৰ পোচাকৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ । শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীৰ নিৰ্দেশত প্ৰধান শিক্ষক আৰু ইউনিফৰ্মৰ ঠিকা লাভ কৰা ঠিকাদাৰে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ অভিভাৱকৰ ।

চিৰাঙত ছাত্ৰ-ছাত্ৰীক নিম্নমানৰ ইউনিফৰ্ম প্ৰদানৰ অভিযোগ

ইপিনে বুধবাৰে নিম্মমানৰ ইউনিফৰ্ম যোগান ধৰাক লৈ উত্তপ্ত হৈ পৰে ৩৭৪ নংগৰাইমাৰী জেবি বিদ‍্যালয়ৰ পৰিৱেশ। ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে বিদ‍্যালয়ত উপস্থিত হৈ দলিয়াই পেলালে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা অতিকে নিম্ন মানৰ ইউনিফৰ্ম সমূহ ।

চিৰাঙত ছাত্ৰ-ছাত্ৰীক নিম্মমানৰ ইউনিফৰ্ম প্ৰদানৰ অভিযোগ


লগতে পঢ়কঃ নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যৰ মাছৰ বজাৰ

ABOUT THE AUTHOR

...view details