অসম

assam

ETV Bharat / state

চিৰাঙত শিক্ষক নোহোৱাকৈ অনুষ্ঠিত হৈছে চাওতাল বিষয়ৰ পৰীক্ষা - চিৰাং

চিদলীৰ কাশীকোত্ৰাৰ উৰ্বশী ব্ৰহ্ম মেম'ৰিয়েল হাইস্কুলত অনুষ্ঠিত হৈছে চাওতাল ভাষাৰ পৰীক্ষা ৷ শিক্ষক নোহোৱাকৈ চলা মূল্যায়ন পৰীক্ষাত স্পষ্ট হৈ পৰিল চাওতাল ভাষাৰ প্ৰতি চৰকাৰৰ হেমাহি ৷

চিৰাঙত শিক্ষক নোহোৱাকৈ অনুষ্ঠিত হৈছে চাওতাল বিষয়ৰ পৰীক্ষা

By

Published : May 16, 2019, 8:53 PM IST

চিৰাং, 16 মে': অসম চৰকাৰৰ বিৰুদ্ধে ভাৰতৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত তথা স্বীকৃতিপ্ৰাপ্ত চাওতাল ভাষাক অৱহেলা কৰাৰ অভিযোগ । চিৰাঙত শিক্ষক নোহোৱাকৈ চলি আছে চাওতাল বিষয়ৰ পৰীক্ষা ৷ অসমৰ বিদ্যালয় সমূহত চাওতাল ভাষাৰ পাঠ্যপুথি সমূহ চৰকাৰে বিতৰণ কৰে যদিও বিদ্যালয়ত নাই এই ভাষাৰ এগৰাকীও শিক্ষক ৷ চিৰাঙৰচিদলীৰ কাশীকোত্ৰাৰ উৰ্বশী ব্ৰহ্ম মেম'ৰিয়েল হাইস্কুলত চাওতাল বিষয়ৰ শিক্ষক নোহোৱাকৈ চলিছে মূল্যায়ন পৰীক্ষা ।

চিৰাঙত শিক্ষক নোহোৱাকৈ অনুষ্ঠিত হৈছে চাওতাল বিষয়ৰ পৰীক্ষা

দীৰ্ঘদিনৰ পৰাই সদৌ অসম চাওতাল ছাত্ৰ সন্থাই এই ক্ষেত্ৰত আগবাঢ়ি আহি চাওতাল ছাত্ৰ-ছাত্ৰী সকলক পাঠদান কৰাৰ লগতে পৰীক্ষা হোৱালৈকে সকলো সহযোগিতা কৰি আহিছে । এই পৰীক্ষা কেন্দ্ৰতো ছাত্ৰ সংগঠনটিৰ কেন্দ্ৰীয় সমিতিৰ মুখ‍্য সাংগঠনিক সম্পাদক তথা সাংবাদিক দুৰ্গা ছোৰেনক এজন পৰীক্ষা নিৰিক্ষক হিচাপে দেখিবলৈ পোৱা যায় ।

ABOUT THE AUTHOR

...view details