চিৰাং,14ফেব্ৰুৱাৰী:বিটিচি পৰিষদ গঠনৰ পাছতে ৰাজ্য চৰকাৰে এমাহৰ ভিতৰতে আৱণ্টন দিলে 500কোটি টকা ৷ বিটিআৰৰ 4 জিলাৰ পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে আৱন্টন দিয়া ধনেৰে দেওবাৰে চিৰাং জিলাত কেবাটাও আঁচনিৰ কাম শুভাৰম্ভ কৰা হয় ৷
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে চিৰাং জিলাৰ ৩১ নম্বৰ চিদলী সমষ্টিৰ ডাংতল থুৰিবাৰী মৈগাঁও, কদমতোলা, বিলাসপুৰ, ভিৰাণগাঁও আৰু দেৱৰগাঁৱত গ্ৰাম্য পথৰ আধাৰশিলা স্থাপন কৰে ৷ ইউ পি পি এলৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, সাধাৰণ সম্পাদক মাউথি ব্ৰহ্ম হাজোৱাৰীৰ উপস্থিতিত আধাৰশিলা কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷
আনহাতে সংবাদমাধ্যমৰ প্ৰমোদ বড়োৱে কয় যে, ৰাজ্য চৰকাৰে বিটিআৰৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰদান কৰা গুডউইল পেকেজৰ পাঁচশ কোটি টকাৰে বিটিআৰৰ 700 কিলোমিটাৰ গ্ৰাম্য পথ নতুনকৈ নিৰ্মাণ আৰু মেৰামতি কৰা হ'ব ৷ তদুপৰি এসপ্তাহৰ ভিতৰতে কাম সমূহ আৰম্ভ কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ৷