অসম

assam

ETV Bharat / state

ৰে’ল আৰক্ষীৰ বিৰুদ্ধে উদ্ভণ্ডালিৰ অভিযোগ - বঙাইগাঁও শোধনাগাৰ

চিৰাঙৰ নীলীবাৰীত ৰে’ল আৰক্ষী বাহিনীৰ বিৰুদ্ধে গুণ্ডাগিৰিৰ অভিযোগ । তালাচীৰ নামত ভাং চুৰ ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ।

Chirang RPF gundagiri at night in village assam etv bharat news
ৰে’ল আৰক্ষীৰ বিৰুদ্ধে উদ্ভণ্ডালিৰ অভিযোগ

By

Published : Oct 31, 2020, 2:22 PM IST

চিৰাং,31 অক্টোবৰ:চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত নীলীবাৰীত শনিবাৰে পুৱতি নিশা প্ৰায় 3 বজাত সৃষ্টি হয় এক উত্তেজনাপূৰ্ণ পৰিস্থিতি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, নিউ বঙাইগাঁৱৰ পৰা যোৱা ৰে’ল আৰক্ষীৰ এটা দলে গাঁওখনত বসবাস কৰা স্থানীয় লোকৰ ঘৰত সোমাই তালাচী চলায় ৷ কোনো উপযুক্ত কাৰণ নোহোৱাকৈ দলটোৱে এই তালাচী চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ তদুপৰি তালাচীৰ নামত অঞ্চলবাসীৰ পৰা ভাং চুৰ কৰাৰো অভিযোগ উত্থাপিত হৈছে দলটোৰ বিৰুদ্ধে ৷

ৰে’ল আৰক্ষীৰ বিৰুদ্ধে উদ্ভণ্ডালিৰ অভিযোগ

আনহাতে, পুৱতি নিশা অহা ৰে’ল আৰক্ষীৰ দলটোৱে গাঁৱবাসীৰ ঘৰৰ চিলিং ভঙাৰ উপৰিও বিভিন্ন আচবাব ভাঙি লণ্ড-ভণ্ড কৰে ৷ অসম আৰক্ষীৰ সহযোগ অবিহনে ৰে’ল আৰক্ষীৰ দলটোৱে গাঁৱখনত উপস্থিত হৈ এনেদৰে তালাচীৰ নামত অত্যাচাৰ চলোৱাৰ কথা সহজভাৱে গ্ৰহণ কৰিব পৰা নাই স্থানীয় ৰাইজে ৷ ইয়াৰ পিছতে নিদ্ৰাৰত অৱস্থাত থকা এগৰাকী ছাত্ৰক উঠাই চোৰ সজাই আটক কৰি নিবলৈ ধৰোতে পৰিস্থিতি অধিক জটিল হৈ পৰে ৷

অৱশেষত গাঁৱবাসীয়ে একত্ৰিত হৈ আহি ঘেৰি ধৰে অভিযানকাৰী দলটোৰ বাহন ৷ ফলত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত স্থানীয় লোকে দাখিল কৰিছে এজাহাৰ ৷ গাঁওখনৰ বাসিন্দাসকলে উত্থাপন কৰা অভিযোগ অনুসৰি, জিলাখনৰ একাংশ ৰে’ল আৰক্ষীয়ে বঙাইগাঁও শোধনাগাৰৰ পৰা অহা তেল ভৰ্তি ৰে’লৰ পৰা ধনৰ বিনিময়ক দুষ্টচক্ৰক তেল চুৰিৰ সুবিধা কৰি দিয়ে ৷ তালাচীৰ নামত গাঁওবাসীক চলোৱা এনে অত্য়াচাৰ কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰে নীলীবাৰী বাসীয়ে ৷

লগতে চাওকঃCOVID19 ৰ বাবে ভংগ ঐতিহাসিক টীয়কৰ বামুনপুখুৰী ৰাসৰ নাটৰ পৰম্পৰা

ABOUT THE AUTHOR

...view details