চিৰাং,৯ ফেব্ৰুৱাৰী:সমগ্ৰ দেশজুৰি ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ৩২ সংখ্য়ক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ । অসমতো পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি সজাগতামূলক বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । তাৰ অংশস্বৰূপে চিৰাং জিলাত মঙলবাৰে পুৱা উলিওৱা হয় এক বিশেষ সমদল । জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত পথ সুৰক্ষা মাহৰ কাৰ্যসূচীত উপায়ুক্ত গৌতম তালুকদাৰে পথ সুৰক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে বৰ্ণনা কৰাৰ লগতে পথ সুৰক্ষা বিষয়ক শপত বাক্য পাঠ কৰোৱাই উপস্থিত ৰাইজক । তাৰপিছতে জিলা উপায়ুক্তই পথ সুৰক্ষা সজাগতা সমদলৰ উদ্বোধন কৰে । সমদলত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
চিৰাঙত পথ সুৰক্ষা মাহ পালন - চিৰাঙত পথ সুৰক্ষা মাহ পালন
৩২ সংখ্য়ক ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি চিৰাং জিলাত সজাগতামূলক কাৰ্যসূচী পালন । সজাগতামূলক সমদলত অংশ লয় জিলা প্ৰশাসনৰ বহু বিষয়া, আৰক্ষীৰ লগতে শিক্ষাৰ্থীসকলে ।
![চিৰাঙত পথ সুৰক্ষা মাহ পালন চিৰাঙত পথ সুৰক্ষা মাহ পালন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10556499-1065-10556499-1612868960927.jpg)
চিৰাঙত পথ সুৰক্ষা মাহ পালন
চিৰাঙত পথ সুৰক্ষা মাহ পালন
উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই সজাগতা সমদল জিলা সদৰ কাজলগাঁৱৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কাজলগাঁও বজাৰ হৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সমাপ্ত হয় । সমদলত ভাগ লৈ জিলা পৰিবহণ বিষয়া অপূৰ্ব দাসে পথ সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী তথা আন লোকসকলক সজাগ হ'বলৈ বিশেষভাৱে আহ্বান জনায় । এই সজাগতামূলক কাৰ্যসূচীত জিলা প্ৰশাসনৰ কেইবাগৰাকী বিষয়াৰ লগতে আৰক্ষী, জিলা ক্ৰীড়া বিষয়াসহ স্থানীয় লোকসকল উপস্থিত থাকে ।
লগতে পঢ়ক:অসমৰ ভূমিত মিজো আৰক্ষীৰ শিবিৰ