অসম

assam

ETV Bharat / state

"ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ" উদযাপন চিৰাঙত - পথ সুৰক্ষা জীৱন ৰক্ষা

ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ মূল মন্ত্ৰ "পথ সুৰক্ষা জীৱন ৰক্ষা"

"ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ" উদযাপন চিৰাঙত

By

Published : Feb 8, 2019, 8:04 PM IST

চিৰাং, ৮ ফেব্ৰুৱাৰীঃ চিৰাং জিলা পৰিবহণ বিভাগৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্যসূচিত সহযোগিতা কৰে জিলা আৰক্ষী প্ৰশাসনে । পথ সুৰক্ষা সপ্তাহ উপলক্ষে শুকুৰবাৰে চিৰাং জিলাত জিলা পৰিবহণ বিভাগে আয়োজন কৰে এখন কাৰ ৰেলীৰ । চিৰাং জিলা সদৰ উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসে শুভাৰম্ভ কৰে ৰেলীখনৰ ।

"ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ" উদযাপন চিৰাঙত

বহু কেইখন গাড়ীয়ে অংশ লোৱা এই কাৰ ৰেলী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা ৩১নং ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি কাজলগাঁৱত অন্ত পৰে ।

উল্লেখ্য যে, কাজলগাঁও বজাৰৰ সমূহীয়া প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এক সজাগতা সভা । এই বছৰৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ মুল মন্ত্ৰ আছিল "পথ সুৰক্ষা জীৱন ৰক্ষা"। এই বিষয় লৈ জিলা পৰিবহণ বিষয়া ধ্বজেন বসুমতাৰী, উপ আৰক্ষী অধিক্ষক প্ৰতাপ দাসকে ধৰি বহু লোকে অংশ গ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details