চিৰাং,18মেঃ প্ৰধানমন্ত্ৰী দৰিদ্ৰ খাদ্য যোজনাক কেন্দ্ৰ কৰি চিৰাঙৰ বাসুগাঁৱত হুলুস্থুলীয়া পৰিবেশ । দৰিদ্ৰসীমা ৰেখাৰ তলৰ লোকসকলক প্ৰদান কৰা ৰেচনৰ চাউল আত্মসাতৰ অভিযোগ ৷ পূৰ্বে নিৰ্ধাৰিত স্থান বাসুগাঁও টাউন জে. বি. স্কুলৰ পৰিবৰ্তে বাসুগাঁও সমবায় সমিতিৰ কাষত উক্ত খাদ্য সামগ্ৰীসমূহ স্থানান্তৰ কৰাক কেন্দ্ৰ কৰি একাংশ হিতাধিকাৰী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷
অভিযোগকাৰী সকলৰ মতে, খাদ্য সামগ্ৰীখিনি একাংশ দালাল শ্ৰেণীৰ লোকে গোপনে আত্মসাৎ কৰাৰ উদ্দেশ্যে পূৰ্বে নিৰ্ধাৰিত ঠাইৰ পৰা উলিয়াই লৈ গৈছিল । আনহাতে, পূৰ্বৰ ঠাইত পানী জমা হোৱা কাৰণে নতুন ঠাইলৈ স্থানান্তৰ কৰা হয় বুলি উল্লেখ কৰে অভিযোগ উত্থাপিত লোকসকলে । যদি আত্মসাৎ কৰাৰ মানসিকতা থাকিল হয় ৰাতিৰ আন্ধাৰতে খাদ্যসামগ্ৰী গোপনে উলিয়াই আনিলো হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে ৷