চিৰাং,19 অক্টোবৰ :সোমবাৰে চিৰাং জিলাৰ ছিদলীত উদ্বোধন কৰা হয় ঐতিহাসিক ৰাজাদিনীয়া পুনৰ নিৰ্মিত তথা দুশ বছৰীয়া এটা মন্দিৰ ৷ ৰাইজৰ দান বৰঙণিৰে আটক ধুনীয়াকৈ সজাই তোলা পুণৰ নিৰ্মিত দূৰ্গা মন্দিৰটো পুৱা ১০ বজাত এক উৎসৱ মুখৰ পৰিবেশত মন্দিৰ নিৰ্মাণ সমিতিৰ বিষয় ববীয়া,বিশিষ্ট ব্যক্তি,ভক্ত প্ৰাণ ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মন্দিৰৰ স্থায়ী পূজাৰী বেণীমাধৱ চক্ৰৱৰ্তীয়ে ৷
দুৰ্গাপূজাৰ প্ৰাকক্ষণতেই উদ্ধোধন হ’ল দুৰ্গা পূজা মন্দিৰ উদ্বোধন কৰি দিয়া ভাষণত অঞ্চলটোৰ বহু দিনীয়া অভাৱ পূৰণ হৈছে বুলি মন্তব্য কৰে । সম্পূৰ্ণ ক’ভিড-১৯ৰ নীতি নিয়মৰে আয়োজন কৰা অনুষ্ঠানত অঞ্চলটোৰ বয়োজ্যেষ্ঠ নাগৰিক,আৰক্ষী বিষয়া, সমাজসেৱকসকলক মন্দিৰ কমিটীৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
দুৰ্গাপূজাৰ প্ৰাকক্ষণতেই উদ্ধোধন হ’ল দুৰ্গা পূজা ছিদলি ৰাজ্যৰ মহাৰাজ সূৰ্য্য নাৰায়ণ দেৱৰ মৃত্যুৰ পিছত তেওঁৰ সহ ধৰ্মিনী চন্দ্ৰেশ্বৰী দেৱীয়ে কিছুদিন চিদলীৰ শাসনভাৰ চলায় যদিও ১৮৭১ চনত মহাৰাজৰ ভাতৃ ইন্দ্ৰ নাৰায়ণ দেৱে ৯ টা দূৰ্গা দেৱীৰ বিগ্ৰহৰ সৈতে নতুন ৰাজধানী নমলপুৰত দেৱীৰ বেদী স্থাপনা কৰিছিল ।
দুৰ্গাপূজাৰ প্ৰাকক্ষণতেই উদ্ধোধন হ’ল দুৰ্গা পূজা পৰৱৰ্তী দিনত ছিদলী ৰাজ্যৰ ৰাজধানী নমলপুৰৰ পৰা বিষ্ণুপুৰ স্থানান্তৰণ হোৱাত ৰজাই দূর্গাৰ মূৰ্তি লৈ যোৱাত নমলপুৰত ৰাজপৃষ্ঠ পোষকতা হেৰুৱাইছিল তেতিয়াৰে পৰাই অৰ্থাৎ ১৮১৭ চনৰ পৰাই ছিদলি বাসী ৰাইজে দূৰ্গা পূজা চলাই আহিছে বুলি মন্দিৰ পৰিচালনা কমিটীৰ সভাপতি শৈলেন্দ্ৰ চন্দ্ৰ চৌধুৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।
লগতে পঢ়ক:ATM ব্যৱহাৰ কৰিবলৈ বাধ্যতামূলক হ'ব ফিংগাৰ ক'ভাৰ