অসম

assam

ETV Bharat / state

চিৰাঙত উদ্ধাৰ লতামাকৰিৰ পোৱালি - চিৰাঙত উদ্ধাৰ লতামাকৰিৰ পোৱালি

বিগত ডিচেম্বৰ মাহত এনে ধৰণৰ এটা লতামাকৰি উদ্ধাৰ হোৱা তাৰ হত্যা কৰি ভক্ষণ কৰিছিল চিদলীৰ এজন লোকে । পৰৱৰ্তি সময়ত চলিত মাহতে জিলাখনৰ ঢালিগাঁৱত আন এটা লতামাকৰি উদ্ধাৰ হয় লগতে শনিবাৰে পুনৰ আনটো লতামাকৰি উদ্ধাৰ কৰে স্থানীয় ৰাইজে ।

লতামাকৰিৰ পোৱালি উদ্ধাৰ
লতামাকৰিৰ পোৱালি উদ্ধাৰ

By

Published : Jan 20, 2020, 8:24 AM IST

চিৰা, 20 জানুৱাৰীঃশনিবাৰেচিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত মোজাবাৰীত উদ্ধাৰ হয় এটা লতামাকৰিৰ পোৱালি। পথৰ দাঁতিত থকা জংঘলৰ বন কাটি পৰিষ্কাৰ কৰোতে উদ্ধাৰ হয় লতামাকৰিৰ পোৱালিটো । পাছত স্থানীয় ৰাইজে চিদলী থানাৰ আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষীয়ে লতামাকৰিৰ পোৱালিটো উদ্ধাৰ কৰি চিৰাং সংমণ্ডল বন বিভাগক গতাই দিয়ে ।

লতামাকৰিৰ পোৱালি উদ্ধাৰ

জানিব পৰা মতে, বন বিভাগে কোকৰাঝাৰৰ বন্যপ্ৰাণী চিকিৎসা আৰু পুনঃসংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে লতামাকৰিৰ পোৱালিটো। স্বাস্থ্য পৰীক্ষাৰ অন্তত উদ্ধাৰ হোৱা লতামাকৰিটোক ক'ত সংৰক্ষণ কৰা হ'ব সেই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বন বিভাগে ৷

লতামাকৰিৰ পোৱালি উদ্ধাৰ

উল্লেখ্য যে, ডিচেম্বৰ মাহত চিৰাঙত উদ্ধাৰ হোৱা এটা লতামাকৰি হত্যা কৰি ভক্ষণ কৰিছিল চিদলীৰ এজন লোকে । পৰৱৰ্তি সময়ত চলিত মাহতে জিলাখনৰ ঢালিগাঁৱত আন এটা লতা মাকৰি উদ্ধাৰ হয় লগতে শনিবাৰে পুনৰ আনটো লতামাকৰি উদ্ধাৰ কৰে স্থানীয় ৰাইজে । চিৰাঙত প্ৰায়ে উদ্ধাৰ হ'বলৈ লোৱা লতামাকৰিসমূহ ক'ৰ পৰা আহিছে সেই বিষয়ে অৱগত নহয় বন বিভাগ ।

লগতে পঢ়কঃ CAAৰ বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থী সমাজৰ

ABOUT THE AUTHOR

...view details