অসম

assam

ETV Bharat / state

ধৰ্ষণকাৰীক পিতৃ-মাতৃৰ হাতত গতাই দিব লাগেঃ প্ৰমীলা ৰাণী ব্ৰহ্ম

‘মই এগৰাকী মাতৃ হিচাপে অনুভৱ কৰো যে পিতৃ মাতৃৰ নিজৰ কণমানি সন্তানক এনেদৰে হেৰুৱাই মনত যি দুখ বা ক্ষোভ হৈছে সেয়া দূৰ কৰিবলৈ সেই পিতৃ মাতৃয়ে নিজে সিদ্ধান্ত ল’ব কি শাস্তি প্ৰদান কৰিব দোষীক ।’ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধীক ফাষ্টট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ফাঁচীৰ দিয়াৰ দাবী উত্থাপন কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মই ৷

By

Published : Mar 30, 2019, 11:53 PM IST

চিৰাং

চিৰাং, 30 মাৰ্চঃ মানৱ সমাজক লজ্জানত কৰা চিদলীৰ শিশু ধৰ্ষণ তথা হত্যাকাণ্ডৰ মূল অপৰাধীক শিশুটিৰ পিতৃ মাতৃৰ হাতত গতাই দিব লাগে বুলি মন্তব্য কৰে প্ৰমীলা ৰাণী ব্ৰহ্মই ।

আদ্যশ্ৰাদ্ধ

শনিবাৰে চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীত দুৰ্ভগীয়া শিশুটিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধত উপস্থিত থাকি এনেদৰে মন্তব্য কৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ বিজেপি মিত্ৰজোঁটৰপ্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মই । ব্ৰহ্মই কয়, "মই এগৰাকী মাতৃ হিচাপে অনুভৱ কৰো যে পিতৃ মাতৃয়ে নিজৰ কণমানি সন্তানক এনেদৰে হেৰুৱাই মনত যি দুখ বা ক্ষোভ হৈছে সেয়া দুৰ কৰিবলৈ সেই পিতৃ মাতৃয়ে নিজে সিদ্ধান্ত ল’ব কি শাস্তি প্ৰদান কৰিব দোষীক ।" লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অপৰাধীক ফাষ্টট্ৰেক কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ফাঁচীৰ দিয়াৰ দাবী উত্থাপন কৰে । আনহাতে, শিশুটিৰ আদ্যশ্ৰাদ্ধ সদৌ চাওঁতাল ছাত্ৰ সন্থা, আক্ৰাছু, আছু, এবছু, আছা, সূত্ৰধৰ ছাত্ৰ সন্থা, সূত্ৰধৰ সন্মিলনী আদি দল সংগঠনৰ নেতৃবৃন্দই উপস্থিত থাকি শিশুটিৰ প্ৰতিকৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

ABOUT THE AUTHOR

...view details