অসম

assam

ETV Bharat / state

গাঁও ৰক্ষাৰ বাবে নৈৰ গতি সলনিৰ চেষ্টা চিৰাঙবাসীৰ

চিৰাঙত আই নদীৰ ভয়াবহ বান আৰু গৰাখহনীয়াত নিশ্চিহ্ন গাঁও । ৰাজ‍্যপাল,মুখ‍্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰীয়ে ভ্ৰমন কৰিলে ঠিকে একো ব‍্যৱস্থা নকৰাত আজি ৰাইজে নিজেই নিজৰ গাঁও ৰক্ষা কৰাৰ বাবে ওলাই আহিল । নিজৰ গাঁও ৰক্ষাৰ বাবে নদীৰ গতি সলনিৰ চেষ্টা ৰাইজৰ।

By

Published : Jul 26, 2020, 9:57 PM IST

চিৰাং
চিৰাং

চিৰাং, 26 জুলাই :চিৰাঙৰ বান আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লবলৈ ৰাজ্যপাল,মুখ্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আহিল কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন । উপায়ান্তৰ হৈ দেওবাৰে দলে বলে ওলাই আহিল চিৰাঙবাসী ৷ গাঁওখনক আই নদীৰ বান আৰু গৰাখহনীয়াৰ পৰা ৰক্ষাৰ উদ্দেশ্য আইৰ প্ৰবল সোঁতক আওকাণ কৰি গাঁও ৰক্ষাৰ চেষ্টা চলাই ৰাইজে ।

চিৰাং
চিৰাং

ৰাজ্য চৰকাৰে কোটি টকা খৰচ কৰি উদযাপন কৰা দৈজিং উৎসৱ উদযাপন স্থলিৰ পৰা মাত্ৰ এক কিলোমিটাৰ পুব ফালে অৱস্থিত ছোটো আমগুৰি গাঁৱত আই নদীয়ে বিগত কেবা বছৰে ধ্বংসলীলা চলাই আহিছে ৷ ফলত অৱশেষত ছোটো আমগুৰিত আজি সহস্ৰাধিক লোক আই নদীৰ বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে উলাই আহে । এই ঠাইৰ আই নদীৰ বান্ধ ভঙাৰ ফলত ছোটো আমগুৰি,ওদালগুৰি (এক,দুই,তিনি খণ্ড),দাউখানগৰ,ছৌৰাবাৰী(এক আৰু দুই খণ্ড) সন্যাসীবাৰী আদি ব্যাপক ভাৱে ক্ষতিগ্ৰস্ত হৈছে বানপানী আৰু গৰাখহনীয়াত ।

চিৰাং
চিৰাং

চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত আজি এই দৰেই ৰাইজে নিজেই শ্ৰমদান কৰি বাহ, গছৰ ডাল আদিৰে আই নদীৰ গতিবেগ সলনি কৰিবলৈ চেষ্টা চলাই । অৱশ্যে বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম নিজেও এককাল পানীত নামি ৰাইজৰ সৈতে হাতে কামে লাগি পৰিলক্ষিত হয় ৷

গাঁও ৰক্ষাৰ বাবে নৈৰ গতি সলনিৰ চেষ্টা চিৰাংবাসীৰ

খৰালি কালত বান্ধ সমূহ তথা গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্য়ৱস্থা গ্ৰহণ নকৰাৰ ফলত প্ৰতি বছৰেই লাখ লাখ লোকে বান আৰু গৰাখহনীয়াৰ কবলত পৰে । চিৰাঙৰ বান আৰু গৰাখহনীয়াৰ পৰিস্থিতিৰ বুজ লবলৈ ৰাজ‍্যপাল,মুখ‍্যমন্ত্ৰী,জলসম্পদ মন্ত্ৰী আহিছিল যদিও চিৰাঙৰ প্ৰকৃত ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ নকৰাৰ ফলত আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ গৰাখহনীয়াত কেবাখনো গা‍ঁও ক্ষতিগ্ৰস্ত হ'ল। লোকচান হ'ল সাধাৰণ চহা,কৃষিজীৱি দৰিদ্ৰ লোকৰ । সেয়ে আজি চৰকাৰৰ ওপৰত ভৰষা নকৰি ৰাইজ নিজেই ওলাই এইদৰে হাতে কামে নদীৰ গতিপথ সলনিৰে গৰাখহনীয়া আৰু বান প্ৰতিৰোধৰ চেষ্টা চলাইছে ৷

ABOUT THE AUTHOR

...view details