চিৰাং,8 জানুৱাৰী: চিৰাঙৰ বিজনীৰ চিকাঝোৰাত বন্যহস্তীৰ তাণ্ডৱ ৷ মানাহৰ পৰা ওলাই অহা বন্যহস্তীয়ে ভাঙি লণ্ড ভণ্ড কৰে দোকান ৷ উল্লেখ্য যে, অঞ্চলটোৰ সঞ্জয় চৌহানৰ গেলামালৰ দোকানখন ইয়াৰ পূৰ্বেও পাঁচবাৰকৈ বনৰীয়া হাতীয়ে আক্ৰমণ চলাই ক্ষতিসাধন কৰিছিল ৷ এই সন্দৰ্ভত চাৰিবাৰকৈ বন বিভাগক আবেদন জনোৱাৰ পিছতো কোনোধৰণৰ ক্ষতিপূৰণ লাভ কৰা নাই সঞ্জয়ে ৷
চিৰাঙত বন বিভাগৰ বাহন আবদ্ধ কৰিলে উত্তেজিত ৰাইজে - চিৰাঙত হাতীৰ আক্ৰমণ
চিৰাঙৰ বিজনীৰ চিকাঝোৰাত মানাহৰ পৰা অহা বনৰীয়া হাতীয়ে আক্ৰমণ চলাই এখন দোকান ক্ষতিগ্ৰস্ত কৰে ৷ ইয়াৰ পূৰ্বেও এই সন্দৰ্ভত বন বিভাগক স্থানীয় লোকে অবগত কৰিছিল যদিও কোনো সুফল লাভ কৰা নাই ৷ যাৰ বাবে ক্ষোভিত ৰাইজে বন বিভাগৰ বাহন আবদ্ধ কৰি ৰাখে ৷
![চিৰাঙত বন বিভাগৰ বাহন আবদ্ধ কৰিলে উত্তেজিত ৰাইজে As_Chg_public-detain-forest-vehicle_vis_10012](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10161872-thumbnail-3x2-c.jpg)
চিৰাঙত বন বিভাগৰ বাহন আবদ্ধ কৰিলে উত্তেজিত ৰাইজে
চিৰাঙত বন বিভাগৰ বাহন আবদ্ধ কৰিলে উত্তেজিত ৰাইজে
ইয়াৰ পিছতেই শুকুৰবাৰে পুৱা প্ৰায় পাঁচ বজাত দোকানখনত পুনৰ আক্ৰমণ চলায় বনৰীয়া হাতীয়ে ৷ স্থানীয় ৰাইজে বন বিভাগৰ লোকক অবগত কৰিবলৈ ফোন কৰিছিল যদিও ব্যস্ত থকাৰ অজুহাত দিয়ে বনকৰ্মী সকলে ৷ যাৰ ফলত ঘটনাস্থলীত পলমকৈ বন বিভাগৰ লোক উপস্থিত হোৱাক লৈ উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ ৷ উত্তেজিত ৰাইজে বন বিভাগৰ বাহন আবদ্ধ কৰি ৰাখে ৷ ক্ষতিপূৰণ লাভ কৰিলেহে বাহন মুকলি কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে ৰাইজে ৷
লগতে পঢ়ক-বাৰ্ড ফ্লুৰ বাবে ৰাজ্যসমূহলৈ সতৰ্কতা জাৰি পৰিৱেশ মন্ত্ৰণালয়ৰ