অসম

assam

By

Published : Feb 17, 2020, 5:25 AM IST

ETV Bharat / state

চিৰাঙৰ পানবাৰীত হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনি

হাগ্ৰামা মহিলাৰী বিটিআৰক লৈ দিয়া মন্তব্য বিৰুদ্ধে চিৰাঙৰ বিজনীৰ পানবাৰীত ক্ষোভিত ৰাইজে দাহ কৰে হাগ্ৰামা মহিলাৰীৰ প্ৰতিকৃতি ৷

Chirang Public burn effigy of Hagrama RTU
চিৰাঙৰ পানবাৰীত হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনি

চিৰাং,17 ফেব্ৰুৱাৰী: চিৰাঙৰ পানবাৰীত দেওবাৰে হাগ্ৰামা মহিলাৰী বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ চিৰাঙৰ ৰাইজৰ । শণিবাৰে কোকৰাঝাৰ জিলাৰ কাজিগাঁওত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ নামানো বুলি কোৱাৰ লগে লগে ক্ষোভত জাঙুৰ খাই উঠিছে বড়ো বিভিন্ন দল সংগঠন তথা সাধাৰণ ৰাইজ । আজি চিৰাং জিলাৰ বিজনীৰ পানবাৰীত হঠাতেই বিয়লি শতাধিক বড়ো পুৰুষ মহিলাই হাগ্ৰামা মহিলাৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় । প্ৰতিবাদকাৰীসকলে হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিটিআৰ বিৰোধী হাগ্ৰামা মুৰ্দাবাদ, হাগ্ৰামা গ'বেক ইত্যাদি শ্ল'গান দি উত্তাল কৰে ৰাজপথ । প্ৰতিবাদীসকলে কয় যে, হাগ্ৰামা মহিলাৰী নিজে ৰাজসাক্ষী হৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে বিটিআৰ চুক্তি স্বাক্ষৰিত কৰিছিল । হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ চুক্তি নামানো বুলি এয়া সাংঘাতিক ভূল মন্তব্য দিছে বুলি কয় আৰু ইয়াৰ বাবে হাগ্ৰামা মহিলাৰীক ধিক্কাৰ দিয়ে ।

ইয়াৰ পূৰ্বে ৭ তাৰিখে কোকৰাঝাৰত প্ৰধান মন্ত্ৰীৰ উপস্থিতিত হাগ্ৰামা মহিলাৰীয়ে নিজেই কৈছিল যে, বিটিআৰ চুক্তিৰ জৰিয়তে চুক্তিৰ দফাসমূহ কাৰ্যকৰি কৰিলে স্বয়ংক্ৰীয়ভাৱে বিটিআৰ বড়োলেণ্ড হ'ব । কিন্ত এতিয়া কিয় তেঁও এই চুক্তি মানি লব বিচৰা নাই সেয়ে তেওঁৰ পুত্তলিকা দাহ কৰিছো বুলি কয় প্ৰতিবাদাকাৰীসকলে । লগতে হাগ্ৰামাই নিজৰ ৰাজনৈতিক ভৱিষ্যত সংকটাপন্ন দেখিয়ে বিটিআৰ চুক্তিৰ বিৰোধিতা কৰা বুলি দাবী কৰে । দীৰ্ঘদিন বড়ো সকলৰ সহস্ত্ৰ সংগ্ৰামৰ অন্তত বিটিআৰ চুক্তিৰ জৰিয়তে শান্তিৰ বাতাবৰণ চলিছে আৰু এই সময়ত হাগ্ৰামা মহিলাৰীয়ে চুক্তিৰ বিৰোধিতা কৰাটো অতিকে দুৰ্ভাগ্যজনক বুলিও কয় প্ৰতিবাদকাৰী সকলে ।

চিৰাঙৰ পানবাৰীত হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনি

বিটিচি চুক্তিৰ পিচতে হাগ্ৰামা মহিলাৰীয়ে বিগত ১৮ টা বছৰ একনায়কত্ববাদ চলাই বিটিচিত দুৰ্নীতিৰ পাহাৰ গঢ়াৰো অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে । তেওঁলোকে আৰু কয় যে বড়ো সাধাৰণ লোক সকলে আজি বিটিচিত অস্ত্ৰ এৰি শান্তিৰ বাবে আগবাঢ়ি অহা সকলক আগন্তক বিটিচি নিৰ্বাচনত নিৰ্বাচিত কৰাৰ প্ৰস্তুতি চলোৱাৰ উমান পায়েই হাগ্ৰামা মহিলাৰীৰ থৰকাচুটি হেৰুৱাইছে । সেয়ে তেওঁ আজি বিটিআৰ চুক্তিৰ বিৰোধিতা কৰি আবোল তাবোল বকি আছে । হাগ্ৰামা মহিলাৰীৰ এই ধৰণৰ মইমতালি এতিয়া আৰু বড়ো জনগোষ্টীয় লোকে সহ্য নকৰে বুলিও সঁকিয়াই দিয়ে ।

লগতে পঢ়ক:বৰপেটাত আত্মহত্যাৰ চেষ্টা চলোৱা মহিলাক উদ্ধাৰ কৰিলে সেনাই

ABOUT THE AUTHOR

...view details