অসম

assam

ETV Bharat / state

চিৰাঙত বিদ্যুৎ সংযোগৰ নামত উৎকোচ - বিদ্যুৎ

গাঁও খনৰ প্ৰতিজন লোকে নিজৰ নিজৰ বৈদ্যুতিত বিল পৰিশোধ কৰি মুখ্যমন্ত্ৰীৰ আকাশদীপ যোজনাৰ আঁচনিৰ বাল্ব লৈছিল । কিন্ত তাৰ পাচতো বিভাগীয় কাৰ্যালয়ৰ অভিযন্তা কেশৰ দাসে গাঁওখনৰ ১১৬ টা পৰিয়ালৰ নামতে বিল নিদিয়াৰ অভিযোগ তোলে ৷ তাৰোপৰি অভিযন্তা কেশৰ দাসে গাঁওখনৰ ১১৬ টা পৰিয়ালৰ নামত ১৫/১৬ হেজাৰকৈ বিল বনাই প্ৰেৰণ কৰাৰো অভিযোগ উত্থাপন কৰে ৷

চিৰাঙত বিদ্যুৎ সংযোগৰ নামত উৎকোচ

By

Published : Jul 22, 2019, 9:11 PM IST

চিৰাং,22 জুলাইঃ চিৰাঙৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত গাঁওবাসীৰ প্ৰতিবাদ। দহ দিনৰ পৰাই বিদ্যুৎ যোগান বন্ধ পূৱ এংকৰবাৰী গাঁৱত । বিদ্যুতৰ বিল সমুদায় আদায় দিয়া গ্ৰাহকৰ নামতো আহিল 15/ 16 হেজাৰ টকাৰ বিল। চিৰাঙৰ ছাপাগুৰিস্থিত বঙাইগাঁও বৈদ্যুতিক উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ত বৰষুণৰ মাজতে বিদ্যুতৰ বাবে গাঁওবাসীৰ প্ৰতিবাদ। জিলাখনৰ পুৱ এংকৰবাৰী গাঁৱৰ বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিগত দহ দিন পূৰ্বে মেৰামতিৰ নামত বিভাগীয় কতৃপক্ষই লৈ আহে যদিও বৰ্তমানলৈ বিদ্যুৎ সংযোগ নিদিয়াৰ অভিযোগ গাঁওবাসীৰ। যাৰ বাবে দহ দিনে বিদ্যুৎ সেৱাৰ পৰা বিচ্ছিন্ন গাঁওবাসী ৷

চিৰাঙত বিদ্যুৎ সংযোগৰ নামত উৎকোচ

আনহাতে,গাঁওখনৰ প্ৰতিজন লোকে নিজৰ নিজৰ বৈদ্যুতিক বিল পৰিশোধ কৰি মুখ্যমন্ত্ৰীৰ আকাশদীপ যোজনাৰ আঁচনিৰ বাল্ব লৈছিল । কিন্ত তাৰ পাচতো বিভাগীয় কাৰ্যালয়ৰ অভিযন্তা কেশৰ দাসে গাঁও খনৰ ১১৬ টা পৰিয়ালৰ নামতে বিল নিদিয়াৰ অভিযোগ তোলে ৷ তাৰোপৰি অভিযন্তা কেশৰ দাসে গাঁও খনৰ ১১৬ টা পৰিয়ালৰ নামত ১৫/১৬ হেজাৰকৈ বিল বনাই প্ৰেৰণ কৰাৰো অভিযোগ উত্থাপন কৰে ৷ বিল পৰিশোধ নকৰিলে বিদ্যুৎ নাপাব বুলিও মন্তব্য কৰে অভিযন্তা গৰাকীয়ে ৷

তাৰোপৰি বিভাগীয় ঠিকাদাৰ মজিবৰ ৰহমানৰ নামতো প্ৰতিবাদকাৰী সকলৰ অভিযোগ কৰি কয় যে,বিদ্যুৎ সংযোগৰ নামত 5/6 শ টকাকৈ উৎকোচ লয় আৰু বৰ্তমান সময়ত গাঁওখনৰ ট্ৰেন্সফৰ্মাৰ আনি দিয়াৰ নামত 30 হেজাৰ টকাৰ দাবী কৰিছে ৷ বিভাগীয় অভিযন্তা কেশৰ দাসে ঠিকা ভিত্তিত আহিছে যদিও যিকোনো কামতে উৎকোচ নহ'লে কাম নকৰে বুলিও অভিযোগ কৰে গঁঞাই ।

ABOUT THE AUTHOR

...view details