অসম

assam

ETV Bharat / state

মুখ চম্ভালিব নোৱাৰি ইউপিপিএলৰ পৰা খেদা খালে পৃথ্বী নাৰায়ণ দেৱ মেচে - পৃথক বড়োলেণ্ড

পৃথ্বী নাৰায়ণ দেৱ মেচক ইউপিপিএল দলৰ পৰা অব‍্যাহতি । দলীয় নীতি নিৰ্দেশনা ভংগ কৰি সংবাদ মেল যোগে পুনৰ পৃথক বড়োলেণ্ড ৰাজ‍্যৰ দাবীৰ হুংকাৰ দিয়াৰ পিচতে ইউপিপিএল দলত জোকাৰণি । তৎকালিন ভাৱে দলৰ পৰা অব‍্যাহতি দিলে পৃথ্বী নাৰায়ণ দেৱ মেচক ।

privinarayan release from uppl
privinarayan release from uppl

By

Published : Aug 30, 2020, 11:40 PM IST

চিৰাং, 30 আগষ্ট : ইউপিপিএল দলৰ পৰা অব‍্যাহতি দিয়া হৈছে দলটোৰ নেতা পৃথ্বী নাৰায়ণ দেৱ মেচক । দেওবাৰে ইউপিপিএল দলৰ সাধাৰণ সম্পাদক মাউতি ব্ৰহ্ম হাজোৱাৰীয়ে দিয়া এক নিৰ্দেশনাত তৎকালিন ভাৱে দলৰ কেন্দ্ৰীয় তথা সকলো ধৰণৰ পদবীৰ পৰা অপসাৰণ কৰে পৃথ্বী নাৰায়ণ দেৱ মেচক । ইউপিপিএল দলৰ কেন্দ্ৰীয় নেতৃত্বই কেন্দ্ৰীয় কাৰ্যকৰি কমিটী তথা দলটোৰ সকলো পদবীৰ পৰা পৃথ্বী নাৰায়ণ দেৱ মেচক অব‍্যাহতি দিছে । কাৰণ দলৰ নীতি-নিৰ্দেশনাক ভেঙুচালি কৰি ধাৰাবাহিক ভাৱে দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ বিৰুদ্ধে ।

ইউপিপিএল দলৰ পৰা অব‍্যাহতি পৃথ্বী নাৰায়ণ দেৱ মেচক

উল্লেখ‍্য যে চিৰাং জিলাৰ বাসুগাঁৱৰ বাসিন্দা পৃথ্বী নাৰায়ণ দেৱ মেচে নিজ পত্নীক হত‍্যাৰ চেষ্টা চলোৱাৰ অপৰাধত জেললৈ যাবলগীয়া হৈছিল । জেলৰ পৰা ওলায়েই বাসুগাঁও এৰি কোকৰাঝাৰত থাকিবলৈ লয় আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ সান্নিধ‍্যলৈ আহি নিজকে কোচ ৰজাৰ বংশধৰ বুলি পৰিচয় দিয়ে । পৰৱৰ্তী সময়ত জনজাতিৰ প্ৰমান পত্ৰ সংগ্ৰহ কৰি নিজকে জনজাতি বুলি পৰিচয় দিয়ে ।

ইউপিপিএলৰ নিৰ্দেশ পত্ৰ

নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেচন নামৰ বেচৰকাৰী সংস্থা কৰি হাগ্ৰামা মহিলাৰীৰ সহযোগত এনডিএফবিৰ চাৰিওটা গোট একত্ৰিত কৰি বিটিআৰ চুক্তিৰ বাবে আগবাঢ়িছিল আৰু সেই সময়তে হাগ্ৰামা মহিলাৰীৰ সংগ এৰি ইউপিপিএল দলত যোগদান কৰিছিল পৃথ্বী নাৰায়ণ দেৱ মেচে । ইউপিপিএল দলত যোগদান কৰাৰ পিচত দলীয় কোনো নীতি-নিৰ্দেশনা নোহোৱাকৈ নিজৰ ইচ্ছানুসৰি সংবাদমেল অনুষ্ঠিত কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে ‌।

ইউপিপিএলৰ পৰা খেদা খালে পৃথ্বী নাৰায়ণ দেৱ মেচে

দেওবাৰেও সংবাদ মেল অনুষ্ঠিত কৰি পুনৰ পৃথক ৰাজ‍্য বড়োলেণ্ড দাবীৰ কথা প্ৰকাশ কৰিছিল পৃথ্বী নাৰায়ণ দেৱ মেচে । বিটিচি নিৰ্বাচনৰ আগ মুহূৰ্তত এই ধৰণৰ সংবাদ মেলে দলটোৰ ক্ষতি কৰাৰ সম্ভাৱনা আছিল । তাৰ পিচতে দলীয় ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰি দলৰ পৰা অব‍্যাহতি দিয়াৰ কথা জানিব পৰা গৈছে ।

লগতে পঢ়ক : বৰ্ষাকালীন অধিবেশনত অংশগ্ৰহণ কৰিব নোৱাৰে ৰাজ্যৰ 11 গৰাকী বিধায়কেঃ প্ৰধান সচিব

ABOUT THE AUTHOR

...view details