চিৰাং, 5 মে':সমগ্ৰ ৰাজ্যত কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিটিচিৰ শিক্ষা সঞ্চালক তথা চিৰাং জিলাৰ ভাৰপ্ৰাপ্ত সৰ্বশিক্ষা মিচন সঞ্চালক, জিলা প্ৰাথমিক শিক্ষা বিষয়া জগদীশ ব্ৰহ্মই তৎকালিনভাৱে এক নিৰ্দেশনাযোগে 15 দিনৰ বাবে চিৰাঙৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ লগতে আন আন শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷ ইয়াৰ লগতে পৰৱৰ্তী নিৰ্দেশনা প্ৰেৰণ নকৰালৈকে জিলাখনত থকা চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ হোষ্টেল আৰু কোচিং চেন্টাৰসমূহো বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে বিটিচি শিক্ষা সঞ্চালক গৰাকীয়ে ৷
15 দিনৰ বাবে বন্ধ হ'ল চিৰাঙৰ শিক্ষানুষ্ঠান - প্ৰাথমিক বিদ্যালয়
বিটিচি শিক্ষা সঞ্চালক তথা চিৰাং জিলাৰ ভাৰপ্ৰাপ্ত সৰ্বশিক্ষা মিচন সঞ্চালক, জিলা প্ৰাথমিক শিক্ষা বিষয়া জগদীশ ব্ৰহ্মই তৎকালীনভাৱে এক নিৰ্দেশনাযোগে 15 দিনৰ বাবে চিৰাঙৰ সকলো প্ৰাথমিক বিদ্যালয়ৰ লগতে আন আন শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷

15 দিনৰ বাবে বন্ধ হ'ল চিৰাঙৰ শিক্ষানুষ্ঠান
15 দিনৰ বাবে বন্ধ হ'ল চিৰাঙৰ শিক্ষানুষ্ঠান
উল্লেখ্য যে, মঙলবাৰৰ দিনটোত জিলাখনত নতুনকৈ 11 গৰাকীলোক নতুনকৈ ক'ভিড আক্ৰান্ত হোৱাৰ পাচতে আক্ৰান্তৰ সংখ্যা 302 গৰাকীলৈ বৃদ্ধি পাইছে ৷ সম্প্ৰতি 147 গৰাকী লোক সক্ৰিয় হৈ আছে যদিও ইয়াৰে বহু কেইজন লোক জিলাখনৰ বহু শিক্ষানুষ্ঠানৰ শিক্ষক তথা কৰ্মচাৰী ৷ অভিভাৱক,শিক্ষক-শিক্ষয়িত্ৰীসকল অধিক শংকিত হৈ পৰাত শিক্ষা সঞ্চালক গৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
লগতে পঢ়ক:দৰঙত মঙলবাৰে নতুনকৈ 151 গৰাকী ক’ভিড আক্ৰান্ত চিনাক্ত