বিজনী, 25 জানুৱাৰীঃ ইউটিচিগঠনৰ তিব্ৰ বিৰোধিতা কোচ ৰাজবংশী জাতীয় মহাসভাৰ ৷ চিৰাঙৰ বিজনীত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সভাপতি তৰণীকান্ত ৰায়, কাৰ্যকৰী সভাপতিনিৰ্মল কুমাৰ ৰায়আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে এক সংবাদমেল সম্বোধন কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰে ৷
চিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল - নৱ শৰণীয়া
ইউটিচি গঠনৰ বিৰোধিতাৰে চিৰাঙৰ বিজনীত কোচ ৰাজবংশী জাতীয় মহাসভা দলীয় কৰ্মকৰ্তা সকলে এখন সংবাদমেল সম্বোধন কৰে ৷
![চিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল কোচ ৰাজবংশী মহাসভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5839833-thumbnail-3x2-jj.jpg)
কোচ ৰাজবংশী মহাসভা
চিৰাঙৰ বিজনীত কোচ ৰাজবংশী মহাসভাৰ সংবাদমেল
কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ৰ
ইয়াৰোপৰি জানুৱাৰীৰ বিগত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যসভাত কোচ ৰাজবংশীকে ধৰি ছয় জনগোষ্ঠীক জনজাৰতিকৰণৰ যি বিধেয়ক উত্থাপন কৰিছিল, সংসদৰ সেই ঘোষণাক CABবিৰোধী আন্দোলনৰ পৰা যাতে ছয় জনগোষ্ঠীৰ লোক বিৰত থাকে সেই উদ্দেশ্যতে ঘোষণা কৰা হৈছিল বুলি প্ৰকাশ কৰাৰ লগতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ শৰণীয়াক ক্ষুৰধাৰ সমালোচনা কৰে সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে ৷