চিৰাঙ, 19 এপ্ৰিল : দেওবাৰে বড়ো জনগোষ্ঠীৰ মুক্তিৰ চাকি (উদাং শ্ৰিনি আলাৰি) প্ৰেম সিং ব্ৰহ্মৰ ১৫ সংখ্যক মৃত্যু তিথি ঢালিগাঁও স্থিত তেওঁৰ সমাধিক্ষেত্ৰত পালন কৰা হয় ৷ প্ৰয়াত প্ৰেম সিং ব্ৰহ্মৰ সহধৰ্মিনী সুপ্ৰিয়াৰাণী ব্ৰহ্মই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰে । বড়ো সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি সভাত বিটিআৰৰ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে । ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰেমসিং ব্ৰহ্মৰ সমাধিক্ষেত্ৰ যোৱা ১৪-১৫ টা বছৰে অৱহেলিত হৈ আছে বুলি উল্লেখ কৰাৰ লগতে তেওঁ কয় যে, পূৰ্বতে কি হৈছে সেয়া নকওঁ এতিয়া আমি চৰকাৰী ভাৱে যিখিনি কৰিবলগীয়া সেয়া কৰি যাম বুলি কয় । বড়ো জাতীয় আন্দোলন যিমানবোৰ আছিল সেয়া প্ৰেমসিং ব্ৰহ্মই সংগঠিত কৰিছিল সেয়েহে তেওঁক উপেক্ষা কৰিলে বড়ো সকলৰ ইতিহাস শূন্য হ’ব বুলিও কয় উৰ্খাও গৌৰা ব্ৰহ্মই । দীৰ্ঘদিনীয়া বড়ো আন্দোলনৰ অন্তত প্ৰথমটো বড়ো চুক্তি অনুসৰি বিএচি গঠন হৈছিল আৰু প্ৰেমসিং ব্ৰহ্ম ইয়াৰ দ্বিতীয়জন মুখ্য কাৰ্যবাহী সদস্যৰ পদত অধিষ্ঠিত হয় ।
উদাং শ্ৰিনি আলাৰি প্ৰেম সিং ব্ৰহ্মৰ ১৫ সংখ্যক মৃত্যু তিথি পালন - খনিন্দ্ৰ বসুমতাৰী
বড়ো জনগোষ্ঠীৰ মুক্তিৰ চাকি (উদাং শ্ৰিনি আলাৰি) প্ৰেম সিং ব্ৰহ্মৰ ১৫ সংখ্যক মৃত্যু তিথি ঢালিগাঁও স্থিত তেওঁৰ সমাধিক্ষেত্ৰত পালন কৰা হয় ৷ দেওবাৰে অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰয়াত প্ৰেম সিং ব্ৰহ্মৰ সহধৰ্মিনী সুপ্ৰিয়াৰাণী ব্ৰহ্মই শুভাৰম্ভ কৰে । প্ৰেম সিং ব্ৰহ্মই বড়ো সকলৰ মুক্তিৰ চাকিৰ দৰে কাম কৰিছিল । সেয়ে মৃত্যুৰ পাচত তেওঁক মুক্তিৰ চাকি(উদাং শ্ৰিনি আলাৰী) উপাধিৰে অভিহিত কৰা হয় ।
উল্লেখ্য যে, প্ৰেম সিং ব্ৰহ্মই বড়ো সকলৰ মুক্তিৰ চাকিৰ দৰে কাম কৰিছিল । সেয়ে মৃত্যুৰ পিচত তেওঁক মুক্তিৰ চাকি(উদাংশ্ৰিনি আলাৰী) উপাধিৰে অভিহিত কৰা হয় । দেওবাৰে অনুষ্ঠিত তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী, বিটিআৰৰ মনোনিত সদস্য মাধৱ ছেত্ৰী সহ তেওঁৰ বহু সংখ্যক গুণমুগ্ধ উপস্থিত থাকে । বিগত ২০১৭-১৮ চনতে তদানীন্তন বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰিছিল যদিও আজিও সেই কাম সম্পূৰ্ণ হোৱা নাই । প্ৰেম সিং ব্ৰহ্মৰ সহধৰ্মিনী সুপ্ৰিয়া ৰাণী ব্ৰহ্মই কয় যে, ব্ৰহ্মৰ সমাধিক্ষেত্ৰত বাগিছা, অতিথিশালা আদি বিভিন্ন হোৱাৰ কথা আছিল যদিও পৰৱৰ্তী সময়লৈ একো হোৱা নাই সেয়েহে এতিয়া এটা ট্ৰাষ্টে সেই কাম কৰিব বুলিও জনায় । বিটিচিৰ পৰিষদীয় চৰকাৰে এই ক্ষেত্ৰত কাম কৰিব বুলিও আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক : আজি বিশ্ব ঐতিহ্য দিৱস