অসম

assam

ETV Bharat / state

চিৰাঙৰ ৰৈছুমৈ বসুমতাৰীৰ বাসগৃহত বিটিচি প্ৰধান প্ৰমোদ বড়ো - বিটিচি প্ৰধান প্ৰমোদ বড়ো

চিৰাঙৰ ফুটবল খেলুৱৈ ৰৈছুমৈ বসুমতাৰীৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ অৱস্থাৰ বুজ ল'লে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে । তেওঁ গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালত খেলুৱৈগৰাকীৰ চিকিৎসাৰো ব্যৱস্থা কৰে । ছমাহ পুৰ্বে ফুটবল খেলি থকা অৱস্থাতে বুকুত বল লাগি অসুস্থ হৈ পৰিছিল ৰেছুমৈ বসুমতাৰী ।

ৰৈছুমৈ বসুমতাৰীৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে প্ৰমোদ বড়োৱে
ৰৈছুমৈ বসুমতাৰীৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে প্ৰমোদ বড়োৱে

By

Published : Jan 15, 2021, 4:16 PM IST

চিৰাং, ১৫ জানুৱাৰী: আৰ্থিক অনাটনৰ বাবে বিগত ৬টা মাহে উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিত হৈ আছিল চিৰাঙৰ উদীয়মান ফুটবল খেলুৱৈ ৰৈছুমৈ বসুমতাৰী । শুক্ৰবাৰে খেলুৱৈগৰাকীৰ চিৰাঙৰ ২নং কাশিকত্ৰা গাঁৱত থকা বসগৃহত উপস্থিত হয় বিটিচি প্ৰধান প্ৰমোদ বড়ো । তেওঁ ৰেছুমৈৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লোৱাৰ লগতে গুৱাহাটীস্থিত জি এন আৰ চি হাস্পতালত খেলুৱৈগৰাকীৰ চিকিৎসাৰো ব্যৱস্থা কৰে । ৰৈছুমৈ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী ।

ৰৈছুমৈ বসুমতাৰীৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে প্ৰমোদ বড়োৱে

ছমাহ পুৰ্বে ফুটবল খেলি থকা অৱস্থাতে বুকুত বল লাগি অসুস্থ হৈ পৰিছিল ৰেছুমৈ বসুমতাৰী । কিন্তু উন্নত চিকিৎসাৰ বাবে ৰেছুমৈৰ পৰিয়ালৰ হাতত নাছিল পৰ্যাপ্ত ধন । সেয়ে, অসুস্থ অৱস্থাতে ঘৰতে থাকিবলগীয়া হৈছিল খেলুৱৈগৰাকীয়ে । আনহাতে, ৰেছুমৈৰ পিতৃ ৰবিন্দ্ৰ বসুমতাৰীয়েও পথ দুৰ্ঘটনাত পতিত হৈ ভৰিত আঘাত পোৱাৰ পিছৰে পৰা ঘৰতে আছে আৰু বৰ্তমান কাম কৰিব পৰা অৱস্থাত নাই । সেয়ে, খেলুৱৈগৰাকী চিকিৎসাৰ ব্যৱস্থা কৰিব পৰা নাছিল পৰিয়ালটোৱে । উল্লেখ্য যে, ৰৈছুমৈ বসুমতাৰীয়ে চিৰাং জিলা ক্ৰীড়া সন্থাৰ হৈ জিলা আৰু ৰাজ্যিক ভিত্তিত কেইবাখনো ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে । আজি খেলুৱৈ গৰাকীলৈ সহায়ৰ হাত আগবঢ়াইছে প্ৰমোদ বড়োৱে ।

ৰৈছুমৈ বসুমতাৰীৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে প্ৰমোদ বড়োৱে

অসুস্থ ৰৈছুমৈৰ চিকিৎসাৰ সকলো দায়িত্ব লোৱাৰ লগতে ক্ৰীড়া ক্ষেত্ৰত এই ধৰণৰ বঞ্চিত খেলুৱৈসকলৰ সহায়ৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জনায় বড়োৱে । ইফালে, কোকৰাঝাৰ জিলাৰ সৰলপাৰাত বন বিভাগৰ উচ্ছেদ অভিযানৰ সময়ত হোৱা গুলীচালনাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদন লাভ কৰাৰ পিছতে ব্যৱস্থা গ্ৰহণৰ কৰিব বুলি মন্তব্য কৰে বিটিচি প্ৰধানগৰাকীয়ে । বন বিভাগৰ ভূমি অবৈধভাৱে দখল কৰা লোসকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ কৰা হ'ব বুলি মন্তব্য কৰে প্ৰমোদ বড়োই। লগতে হস্তী-মানুহৰ সংঘাত দীৰ্ঘদিনীয়া আৰু এই সংঘাত দূৰ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ব্যৱস্থা লোৱাৰ কথাও জনায় বিটিচি প্ৰধানগৰাকীয়ে ।

লগতে পঢ়ক:অহা ২৭ জানুৱাৰীত ৰাজ্যজুৰি স্তব্ধ হ'ব যানবাহন চলাচল

ABOUT THE AUTHOR

...view details