চিৰাং,26 ফেব্ৰুৱাৰীঃ চিৰাং জিলাৰ ৰুণিখাটাৰ টেনদুৱাৰ আঞ্চলিক এবছুয়ে আয়োজন কৰা বিটিআৰ চুক্তি স্বাক্ষৰকাৰীসকলৰ সম্বৰ্ধনা অনুষ্ঠানত বুধবাৰে উপস্থিত থাকে এবছুৰ প্ৰাক্তন সভাপতি তথা ইউ পি পি এলৰ নৱনিযুক্ত সভাপতি প্ৰমোদ বড়ো ।
ৰুণিখাটাৰ বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা গ্ৰহণ কৰি প্ৰমোদ বড়োয়ে কয়,এন ডি এফ বি (সং)ৰ সভাপতি বি ছাউৰাইগ্ৰাই কোৱাৰ দৰে আমাৰ মাজত শান্তিৰ বাতাবৰণত শকুনি সোমাইছে । প্ৰায় 40 বছৰীয়া সংগ্ৰামৰ কথা সুঁৱৰি বড়োয়ে কয় যে,উক্ত সংগ্ৰামৰ বাবে বহুলোকে প্ৰাণ আহুতি দিছে ৷ সংগ্ৰামৰ অৰ্থ বিভাজন নহয়,ৰাজনীতি বা সামাজিক কামৰ জৰিয়তে সমাজ ক্ষতিগ্ৰস্ত হ’ব নোৱাৰে ৷ লগতে কয়,"ৰাজনীতি মোৰ বাবে পেছা বা নিচা নহয়,ৰাজনীতি মোৰ কাৰণে এটা এছাইনমেণ্ট,মোৰ কাৰণে এটা প্ৰজেক্ট হয়"।