চিৰাং,২৪ ফেব্ৰুৱাৰী: বিটিআৰৰ দায়িত্ব গ্ৰহণৰ পিছত পোন প্ৰথমবাৰৰ বাবে চিৰাং জিলাৰ বিজনীস্থিত নৰ্থ ইষ্ট মিলিটাৰী বিদ্যালয়ত উপস্থিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো । বিদ্যালয়খনত উপস্থিত হৈ বিদ্যালয় চৌহদ পৰিদৰ্শন কৰাৰ লগতে পৰিচালনা সমিতিৰ বিষয়াববীয়া আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে । ইফালে তেওঁ সংবাদমাধ্যমৰ আগত কয় যে এই বিদ্যালয়খনৰ জৰিয়তে ভৱিষ্যত প্ৰজন্ম যথেষ্ট পৰিমাণে উপকৃত হ'ব । অঞ্চলটোৰ বহু লোক সেনা বাহিনীত কৰ্মৰত যদিও এই প্ৰতিষ্ঠানৰ জৰিয়তে ভৱিষ্যতে সেনাৰ শীৰ্ষ বিষয়াৰ পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব অঞ্চলটোৰ বহু যুৱক ।
উল্লেখ্য যে বিজনী বিদ্যাপিঠ প্ৰাথমিক বিদ্যালয় হাইস্কুলৰ সৈতে একত্ৰিকৰণৰ পিছতেই খালি হৈ থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়ত পিপিপি মডেলত উক্ত স্থানত ব্যক্তিগত খণ্ডৰ বিজনী নৰ্থ ইষ্ট মিলিটাৰী বিদ্যালয় আৰম্ভ কৰে একাংশ পুঁজিপতিয়ে । চৰকাৰী ভূমিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলাকলৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বিদ্যালয়খন শুভ উদ্বোধন কৰিছিল ।