চিৰাঙ,21মেঃচিৰাং জিলাৰ বিজনী মহকুমাৰ বড়ো বজাৰ জনজাতি উন্নয়ন খণ্ড এলেকাৰ এক নম্বৰ আৰু দুই নম্বৰ বড়িপাৰাৰ মাজত নিৰ্মাণ হ'বলগীয়া প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৰূপায়ণ কৰা গাঁৱলীয়া পথ নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে । বড়িপাৰাৰ ৰাইজে অভিযোগ কৰা মতে, অসম চৰকাৰৰ গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ কাজলগাঁও পথ আৰু গৃহ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ তত্বাৱধানত এ এছ ২৫, ১৫২ নম্বৰ পেকেজৰ ২০১৭ -২০১৮ বৰ্ষত কামৰ ৰূপায়ণ কৰা হৈছে অন্য এখন গাঁৱত ।
চিৰাঙত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মানত অনিয়ম
এখন গাঁওৰ পথ আন এখন গাঁৱত নিৰ্মানৰ অভিযোগ চিৰাঙৰ বিজনীত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ ৷
অভিযোগ উত্থাপন হৈছে যে, উক্ত আঁচনিৰ কাম চৰকাৰী নথিত এক নম্বৰ বড়িপাৰাৰ পৰা দুই নম্বৰ বড়িপাৰাৰ মাজত ৩. ১০৫ কিলোমিটাৰ পথৰ বাবদ ৩. ১৯ কোটি টকা ধাৰ্য্য কৰা হৈছিল । প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এই কাম উক্ত গাঁৱৰ পৰিৱৰ্তে কেবা কিলোমিটাৰ নিলগৰ খামাৰপাৰা -ডোঙাগাঁৱৰ মাজত কৰা হৈছে ।
গাঁৱবাসী ৰাইজে তথ্য জনাৰ অধিকাৰৰ (আৰ টি আই) জৰিয়তে সমগ্ৰ তথ্য পোহৰলৈ অহাৰ কথা প্ৰকাশ কৰে । গাঁওবাসীৰ অভিযোগ অনুসৰি কৰা পূৰ্বে পথৰ কাম চলি থকা সময়ত বিজনীৰ মহকুমাধিপতি, জিলা উপায়ুক্ত, গড় কাপ্তানি বিভাগৰ কাৰ্য্যবাহী অভিযন্তা, বিজনীৰ স্থানীয় বিধায়কক লগতে বড়ো বজাৰ ভ্ৰমণলৈ অহা তদানীন্তন বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীকো অৱগত কৰা হৈছিল যদিও গাঁৱবাসীয়ে কোনো সহাৰি পোৱা নাছিল ।