চিৰাং আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী - দহলাপাৰা
বিজনী আৰক্ষীয়ে অভিযান চলায় ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰাৰ টোল গেটৰ পৰা ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে তিনি সৰবৰাহকাৰীক
![চিৰাং আৰক্ষীৰ জালত ৩ ড্ৰাগছ সৰবৰাহকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3829120-thumbnail-3x2-hj.jpg)
চিৰাং,১৩জুলাই : ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দহলাপাৰা টোল গেটত ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনিজনক। বিজনী আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীকেইজনক। ড্ৰাগছ সৰবৰাহকাৰী কেইজন বিজনী কাৱাটিকাৰ ইক্ৰামুল হুচেইন,বৰপেটাৰ যোগীৰপামৰ মোজাম্মিল খান, বৰপেটাৰ দেউৰিকুছিৰ ৰবিউল ইছলাম বুলি জানিব পৰা গৈছে। লোককেইজনৰ পৰা প্ৰায় ১৫ লক্ষাধিক মূল্যৰ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ৬খন এটিএম কাৰ্ড,৪টা মোবাইল ফোন আৰু বহুতো আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে। চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতীৰ নেতৃত্বত চলা এক অভিযানত সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।