চিৰাঙ,৪ জুনঃ বৃহস্পতিবাৰে পুৱাৰ পৰা চিৰাং জিলাৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে পৃথকে-পৃথকে চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই । জিলাখনৰ আমগুৰি থানাৰ অন্তৰ্গত নাঙলভাঙা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ফুকন আলীৰ নেতৃত্বত, খৈৰাবাৰীত কয়লাময়লা বনাঞ্চলিক বিষয়াৰ সহযোগত চলোৱা অভিযানত দুটা চোৰাং কাঠফলা কল সহ ১৫ লক্ষাধিক টকা মূল্যৰ মুল্যবান চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় । জব্দ কৰা কাঠ সমূহ বন বিভাগক গতাই দিয়ে আৰক্ষীয়ে ।
চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ - আৰক্ষী আৰু বন বিভাগৰ অভিযান
আৰক্ষী আৰু বন বিভাগে ছিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অভিযান চলাই জব্দ কৰি বহু কোটি টকাৰ মুল্যবান চোৰাং কাঠ ৷ লক ডাউনৰ সুযোগ লৈ চলাই আহিছিল অবৈধ কাঠৰ ব্যৱসায় ৷
![চিৰাঙত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ কাঠ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11:24-as-chg-01-chirangpoliceoperationillegaltimber-vis-10012-04062020104912-0406f-1591247952-78.jpg)
একে দৰে জিলাখনৰ ৰুনিখাতা থানাৰ অন্তৰ্গত বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদৰ নেতৃত্বত চলা অভিযানত শালবাৰীৰ পৰা চোৰাং কাঠভৰ্তি এ এচ ১৬চি-২২৩৩ নম্বৰৰ ট্ৰেক্টৰ এখন, কাঠ ভৰ্তি টাটা মোবাইল আৰু আইনদীৰ পাৰ দেৱৰগাঁওৰ পৰা চোৰাং কাঠ কঢ়িয়াই নিয়া ৮ খনকৈ চাইকেল জব্দ কৰে ৷
উল্লেখযোগ্য যে, চিৰাাং জিলাৰ বিভিন্ন প্ৰান্তত লক ডাউনৰ সময়তে বনাঞ্চল ধ্বংস আৰু চোৰাং কাঠৰ ব্যৱসায় বৃদ্ধি কৰি আহিছিল । নিতৌ কোটি টকাৰ চোৰাং কাঠ ৰাষ্ট্ৰীয় ঘাই পথেৰে অন্য জিলালৈ সৰবৰাহ কৰা হয় বুলি অভিযোগ উত্থাপন হৈছে ।
লগতে পঢ়কঃ ধুবুৰী জিলাত ২১২ জনলৈ বৃদ্ধি কৰ'ণা আক্ৰান্তৰ সংখ্যা