অসম

assam

চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ

By

Published : Oct 18, 2020, 12:34 PM IST

চিৰাঙত চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ঘৰত মজুত ৰখা অৱস্থাত বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰিলে আৰক্ষীয়ে ।

চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ
চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ

চিৰাং, 18অক্টোবৰ:চিৰাং আৰক্ষীয়ে বন বিভাগৰ সমান্তৰালকৈ অব্যাহত ৰাখিছে চোৰাং কাঠৰ বিৰুদ্ধেও অভিযান । শনিবাৰে নিশা বিশেষ তথ্যৰ ভিত্তিৰ জিলা সদৰৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসে ঢালিগাঁও থানাৰ অন্তৰ্গত খামাৰপাৰা গাঁঁৱত অভিযান চলাই আনোৱাৰ হুচেইন নামৰ লোকজনৰ ঘৰত অবৈধ ভাৱে মজুত ৰখা ১২৮ টা মূল্যবান চোৰাং কাঠৰ কুণ্ডা জব্দ কৰে আৰক্ষীয়ে ।

চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ

আনহাতে, এই সন্দৰ্ভত ঢালিগাঁও থানাত এটা গোচৰ পঞ্জিয়ন কৰি আইনী ব্যৱস্থা গ্ৰহণৰ কথা জনায় আৰক্ষী বিষয়া প্ৰতাপ দাসে। চোৰাং কাঠৰ বিৰুদ্ধে আৰক্ষীয়ে বন বিভাগৰ সমান্তৰালকৈ ধাৰাবাহিক অভিযান চলোৱাৰ কথাও সদৰি কৰে বিষয়া গৰাকীয়ে।

চিৰাঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ আৰক্ষীৰ


উল্লেখযোগ্য যে, বিটিচিত ৰাজ্যপালৰ শাসন বলবৎ হোৱাৰে পৰা বিটিচিৰ চাৰিওখন জিলাৰ লগতে চিৰাং জিলাতো ৰাজ্যপালৰ নিৰ্দেশ অনুসৰি চোৰাং কাঠ ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা অৱলম্বন কৰিছে বন বিভাগ আৰু আৰক্ষীয়ে । কিন্ত চোৰাং কাঠৰ ব্যৱসায়ী সকলেও নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি চলাই গৈছে চোৰাং কাঠৰ ব্যৱসায় ।

তাৰোপৰি জিলাখনৰ উত্তৰাঞ্চল ভাৰত-ভূটান সীমান্তৰ মানাহ সংৰক্ষিত বনাঞ্চলৰ লগতে কোকৰাঝাৰ জিলাৰ ৰিপু চিৰাং বনাঞ্চল আৰু হল্টুগাঁও বনাঞ্চলৰ পৰাও চোৰাং কাঠৰ সৰবৰাহ অব্যাহত হৈ আছে বুলি অভিযোগ কৰে একাংশ সচেতন ৰাইজে ।

লগতে পঢ়কঃঅপহৰণৰ ভুৱা নাটকেৰে আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক

ABOUT THE AUTHOR

...view details