চিৰাং, 4 ছেপ্টেম্বৰঃ বুধবাৰে সন্ধিয়া চিৰাঙৰ বিভিন্ন থানা এলেকাত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । জিলা সদৰ উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলোৱা এই অভিযানত জিলাখনৰ বাসুগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা ১৫০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ৬০ কেজি সামগ্ৰী,চিদলী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা ২০০ লিটাৰ অবৈধ সুৰাৰ লগতে চুলাই মদ বনোৱা চাউলৰ ১০০ কেজি সামগ্ৰী জব্দ কৰা হয়৷ লগতে চম্পা বজাৰ অঞ্চলৰ গ্ৰীন ভেলি ধাবাত ৰুনিখাতা চক্ৰ আৰক্ষী বিষয়া ৰুস্থমৰাজ ব্ৰহ্ম আৰু চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথৰ অভিযানত সুৰা জব্দ কৰাৰ লগতে কুছুৰাম বসুমতাৰী(২৫) নামৰ লোকজনক আটক কৰে ।
চিৰাং আৰক্ষীৰ সুৰা বিৰোধী অভিযান - আৰক্ষীৰ অভিযান
চিৰাঙত অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । ৫৫০ লিটাৰ সুৰা জব্দৰ লগতে এজনক আটক ।
চিৰাং আৰক্ষীৰ সুৰা বিৰোধী অভিযান
আনহাতে ৰুনিখাতা থানা, পানবাৰী থানা ,ঢালিগাঁও থানাৰ অন্তৰ্গত বিভিন্ন এলেকাৰ পৰা বহু পৰিমাণৰ সুৰা জব্দ কৰে চিৰাং আৰক্ষীয়ে । অবৈধ সুৰা বিক্ৰীৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এই অভিযানৰ শলাগ লৈছে বিভিন্ন সামাজিক সংস্থা তথা সংগঠনে । আগলৈ মদ বিক্ৰী আৰু উৎপাদনৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ এই ধৰণৰ অভিযান চলাই যোৱাৰ বাবে আহ্বান জনাইছে স্থানীয় লোকে ।