ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী! - জনজাতীয় কিশোৰী ধৰ্ষণ
ৰাইজৰ অভিযোগ চিৰাঙত জনজাতীয় কিশোৰী ধৰ্ষণ কৰা ঘটনাৰ 12 দিন উকলি যোৱাৰ পাছতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী ৷
ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী
চিৰাং, 26 আগষ্টঃ চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাত 15 আগষ্টৰ নিশা এগৰাকী জনজাতীয় কিশোৰী ধৰ্ষণ কৰা ঘটনাৰ 12 দিন উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ চিৰাং আৰক্ষী ৷ সেয়ে দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে বড়োলেণ্ড জনজাতীয় সুৰক্ষা মঞ্চই জিলা সদৰ কাজলগাঁৱত 4 ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তক স্মাৰক প্ৰদান কৰে ৷