চিৰাং,17 এপ্ৰিলঃ চিৰাং জিলাৰ শিমলাগুৰিৰ অন্তৰ্গত এটি দুখীয়া পৰিয়ালক টিনপাতৰ সাহাৰ্য প্ৰদান ডাংতল আৰক্ষীৰ ৷ উল্লেখযোগ্য যে, বিগত 15 এপ্ৰিলৰ ধুমুহা বতাহত অঞ্চলটোৰ ধনোৰাম বৰ্মন নামৰ এজন লোকে হেৰুৱাবলগা হৈছিল নিজ বাসগৃহ ৷ যাৰ ফলত বিগত দুদিনে কষ্টত দিন পাৰ কৰিবলগীয়া হৈছিল গোটেই পৰিয়ালটোৱে ৷ আনহাতে,দুৰ্ভগীয়া পৰিয়াটোৰ পাঁচজন সদস্যৰ তিনিজনেই হ’ল শাৰিৰীকভাৱে অক্ষম ৷ বৃহস্পতিবাৰে এই সন্দৰ্ভত ডাংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া থাগিস দলেই ফেচবুকৰ এটি পোষ্টৰ জৰিয়তে জানিব পাৰি শুকুৰবাৰৰ ভিতৰত পৰিয়ালটোৰ এই সমস্যাৰ সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
আৰ্তজনৰ কাষত চিৰাং আৰক্ষী - আৰ্তজনক কাষত চিৰাং আৰক্ষী
বিগত 15 এপ্ৰিলৰ ধুমুহা বতাহত ধনোৰাম বৰ্মন নামৰ এজন লোকে হেৰুৱাবলগা হৈছিল নিজ বাসগৃহ ৷ যাৰ ফলত বিগত দুদিনে অতি কষ্টত দিন পাৰ কৰিবলগীয়া হৈছিল গোটেই পৰিয়ালটোৱে ৷ আনহাতে,দুৰ্ভগীয়া পৰিয়াটোৰ পাঁচজন সদস্যৰ তিনিজনেই হ’ল শাৰিৰীকভাৱে অক্ষম ৷
![আৰ্তজনৰ কাষত চিৰাং আৰক্ষী Chirang Police helps to poor family](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6833192-thumbnail-3x2-c.jpg)
আৰ্তজনৰ কাষত চিৰাং আৰক্ষী
আৰ্তজনৰ কাষত চিৰাং আৰক্ষী
সেই উদ্দেশ্যেই ডাংতল আৰক্ষী চকীৰ বিষয়াগৰাকীয়ে ধনোৰাম বৰ্মনৰ পৰিয়ালক নিজাববীয়াকৈ দুই বান টিনপাত সাহাৰ্য ৰূপে প্ৰেৰণ কৰে আৰু ৷ লগতে তেখেতে অঞ্চলটোৰ ৰাইজক লোকজনৰ বাসগৃহ নিৰ্মাণত সহায় কৰাৰ বাবে আহ্বান জনায় ৷ চিৰাং আৰক্ষীৰ এই মহানুভৱতাৰ বাবে শলাগ লৈছে বিভিন্নজনে ৷