চিৰাং, 12 জুন :চিৰাঙত আৰক্ষীৰ মহানুভৱতা । বাইহাটা চাৰিআলিৰ পৰা অহা 13জন শ্ৰমিকক নিশা খাদ্য যোগান ধৰে চিৰাং আৰক্ষীয়ে ৷ পশ্চিমবঙ্গৰ মালদাহ লৈ যোৱাৰ পথত নিশাৰ ভাগত 31নং চি ৰাষ্ট্ৰীয় ঘাইপথত ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিজিত দাধৰাই খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমিক কেইজনক ঘৰলৈ পঠোৱাৰ বাবে গাড়ীৰ ব্যৱস্থা কৰে ।
বাইহাটাৰ এটা কোম্পানীত কৰ্মৰত এইসকল শ্ৰমিকে লকডাউনৰ ফলত আৱদ্ধ হৈ পৰিছিল ৷ কিন্তু লকডাউন শিথিল হোৱাৰ পিচটো কোম্পানীটোৱে এইসকল শ্ৰমিকক ওভোটাই পঠিয়াবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ নিজেই টকা খৰচ কৰি বাছভাড়া কৰি নিজ গৃহলৈ ওভটি যোৱাৰ ব্যৱস্থা কৰে তেওঁলোকে ৷ কিন্তু বঙাইগাঁও জিলাৰ ৰাখালডুবিত বাছৰ পৰা নমাই দিয়া হয় শ্ৰমিকসকলক ৷ এনে অৱস্থাত 14 কিলোমিটাৰ খোজকাঢ়ি ঢালিগাঁৱৰ বৰতালোৱাত উপস্থিত হয় শ্ৰমিকসকল ৷