চিৰাং, ২৩ মে': ক'ভিডৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে সকলো যেন অসহায় হৈ পৰিছে । কোনোৱে যদি হোম কোৱাৰেণ্টাইনত আছে কোনোৱে আকৌ কণ্টেইনমেন্ট জ'নত আৱদ্ধ হৈ আছে । এই জটিল পৰিস্থিতিৰ মাজতে চিৰাং আৰক্ষীৰ এক আদৰণীয় পদক্ষেপ ।
চিৰাং জিলা আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে জনোৱা মতে চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰ গাঁওৰ এজন লোক অসুস্থ আছিল । অসুস্থ দৰিদ্ৰ লোক জনৰ নাম ছাদ্দাম হুছেইন । ১০৮ সেৱাত ফোন কৰাৰ পিছতো কোনো সঁহাৰি নোপোৱাত লোকজনে ফোনযোগে আৰক্ষীৰ সহায় বিচাৰিছিল ।
ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসেনজিৎ দাস লগে লগে লোকজনক সহায়ৰ বাবে ছাতিপুৰত গৈ উপস্থিত হয় । তেতিয়া নিশা ১০.৫৫ মান হৈছিল আৰু ইতিমধ্যে ১০৮ মৃত্যুঞ্জয় সেৱাৰ বাহনখনো আহি পাইছিল । কিন্তু এম্বুলেঞ্চখনত মাথো এজনহে লোক আছিল । সেয়ে প্ৰসেনজিৎ দাসে নিজে পি পি ই কীট পিন্ধি ১০৮ ৰ লোকজনৰ সৈতে অসুস্থ ছাদ্দামক উদ্ধাৰ কৰি কাজলগাঁও জে.এচ.বি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ।