অসম

assam

ETV Bharat / state

বুঢ়া কাণ্ডৰ পুনৰাবৃত্তি : চিৰাঙত মহিলাক নিৰ্মম অত্যাচাৰ আৰক্ষীৰ বাহিনীৰ - আৰক্ষীৰ ওপৰত অন্ত:সত্তাক পেটত জোতাৰে গচকাৰ অভিযোগ

দৰঙৰ বুঢ়া কাণ্ডৰ পুনৰাবৃত্তি ৷ আৰক্ষীৰ ওপৰত অন্তঃসত্ত্বা পেটত জোতাৰে গচকাৰ অভিযোগ ৷ আহত মহিলাক উন্নত চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ ৷

বুঢ়া কাণ্ডৰ পুনৰাবৃত্তি : চিৰাঙত মহিলাক নিৰ্মম অত্যাচাৰ আৰক্ষীৰ বাহিনীৰ

By

Published : Sep 21, 2019, 11:10 AM IST

বৰপেটাৰোড, 21 ছেপ্তেম্বৰ: দৰং জিলাৰ বুঢ়া আৰক্ষী থানাত তিনি ভগ্নীক নাঙঠ কৰি নিৰ্মম অত্যাচাৰ চলোৱা কাণ্ডৰ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে চিৰাঙৰ কয়লাময়লা আৰক্ষী চকীত সংঘটিত হৈছে এক অনুৰূপ কাণ্ড ৷ তথ্য অনুসৰি, বৰপেটাৰ ৰোডৰ নিচুকাৰ শ্বহিদুল ইছলাম নামৰ এজন যুৱকৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল কয়লাময়লা থানাৰ অন্তৰ্গত এখন গাঁৱৰ এগৰাকী কমবয়সীয়া যুৱতীৰ ৷ সেই মৰ্মে যোৱা 13 ছেপ্তেম্বৰত প্ৰেমিক শ্বহিদুলৰ লগত বৰপেটাৰোডলৈ পলাই যায় যুৱতী গৰাকী ৷ কিন্তু সেই ঘটনাৰ কিছুদিন পাছতে যুৱতী গৰাকীৰ বিয়াৰ উপযুক্ত বয়স নোহোৱাত পৰিয়াল লোকে তেওঁক উদ্ধাৰ কৰি নিজ গৃহলৈ লৈ যোৱাৰ লগতে অভিযুক্ত শ্বহিদুলৰ ওপৰত এক গোচৰ ৰুজু কৰে ৷

বুঢ়া কাণ্ডৰ পুনৰাবৃত্তি : চিৰাঙত মহিলাক নিৰ্মম অত্যাচাৰ আৰক্ষীৰ বাহিনীৰ

ইফালে যোৱা 17 ছেপ্তেম্বৰত অভিযুক্ত শ্বহিদুল ইছলামক বিচাৰি বৰপেটাৰোডৰ নিচুকাত আহি উপস্থিত হয় কয়লাময়লা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীৰ নেতৃত্বত এদল আৰক্ষী আৰু তাৰ পাছতে অভিযুক্ত শ্বহিদুলক বিচাৰি নাপাই আৰক্ষীয়ে আৰম্ভ কৰে তাণ্ডৱ ৷ অভিযুক্তৰ পৰিয়ালৰ গৰ্ভৱতী মহিলাসহ 7 জন লোকক থানালৈ নি নিৰ্মমভাৱে শাৰীৰিক নিৰ্যাতন চলায় আৰক্ষীয়ে ৷ আনকি দুমহীয়া গৰ্ভৱতীৰ পেটত জোতাৰে গচকি গৰ্ভপাত কৰাৰো অভিযোগ ৷ ইফালে আৰক্ষীৰ প্ৰহাৰত ৰক্তক্ষৰণ হৈ গৰ্ভপাত হোৱা মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে শুক্ৰবাৰে নিশা বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷

ঘটনাৰ পাছতে অভিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া বিনোদ চৌধুৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আমছু ৷ আৰক্ষীৰ নিৰ্যাতনক তীব্ৰ নিন্দা কৰি আমছুৱে অভিযুক্ত আৰক্ষী বিষয়া বিনোদ চৌধুৰীৰ ফাচি দিয়াৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

...view details