চিৰাং, 22 মেঃ অৱশেষত চিৰাং আৰক্ষীৰ জালত হাইঠা ওৰফে জেডি বসুমতাৰীৰ হত্যাকাৰী ৷ পৰকীয়া প্ৰেমৰ বাবে নিজ পত্নীয়ে দুই সহযোগী জনেন নাৰ্জাৰী আৰু ৰোমিঅ নাৰ্জাৰীৰ সহযোগত হত্যা কৰিছিল হাইঠা ওৰফে জেডি বসুমতাৰী নামৰ 36 বছৰীয়া যুৱকজনক ৷ হত্যাকাণ্ডৰ পিচতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পত্নী বৈজয়ন্তী বসুমতাৰীক ৷ চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত ৰাঙীঝোৰা গাঁওত সংঘটিত হৈছিল এই হত্যাকাণ্ড ৷ হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰি আছিল মুল অভিযুক্ত জনেন আৰু ৰোমিঅ নাৰ্জাৰী ৷
চিৰাং আৰক্ষীৰ সফলতাঃ অৱশেষত গ্ৰেপ্তাৰ হাইঠা বসুমতাৰীৰ হত্যাকাৰী - Chirang Police
চলিত বৰ্ষত এপ্ৰিল মাহৰ 29 তাৰিখে সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ পৰকীয়া প্ৰেমৰ বাবে হত্যাৰ বলি হৈছিল হাইঠা ওৰফে জেডি বসুমতাৰী নামৰ 36 বছৰীয়া যুৱকজনক ৷ ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত জেডি বসুমতাৰীৰ পত্নীক গ্ৰেপ্তাৰ কৰিছিল যদিও পলাই আছিল দুই মুল অভিযুক্ত জনেন নাৰ্জাৰী আৰু ৰোমিঅ নাৰ্জাৰী ৷
![চিৰাং আৰক্ষীৰ সফলতাঃ অৱশেষত গ্ৰেপ্তাৰ হাইঠা বসুমতাৰীৰ হত্যাকাৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3353904-283-3353904-1558538107966.jpg)
হত্যাকাৰী আটক কৰিলে আৰক্ষীয়ে
আৰক্ষীৰ জালত হত্যাকাৰী
যোৱা নিশা এক গোপন খবৰৰ ভিত্তিত মহকুমা আৰক্ষী বিষয়া প্ৰকাশ মেধিৰ নেতৃত্বত এটি দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় মুল অভিযুক্ত জনেন আৰু ৰোমিঅ নাৰ্জাৰীক ৷ বিজনী থানাৰ অন্তৰ্গত দুই নং অক্সিগুৰি গাঁওৰ পৰা দুয়োজন পলাতক অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ধৃত দুয়োজন অভিযুক্তকে আৰক্ষীয়ে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷