চিৰাং, 12 আগষ্ট : ৰাজ্যত ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে বুধাবাৰে চিৰাং আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰ পৰা এজন ম'বাইল চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে, আৰক্ষীয়ে চোৰ গৰাকীৰ পৰা 24 টাকৈ স্মাৰ্টফোন,এখন চাৰিচকীয়া বাহনৰ লগতে নগদ ধন 27,000 টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জুনৰ 27 তাৰিখে বিজনী চহৰৰ বাৰমুদা ম'বাইল শ্বপৰ পৰা নিশা দোকানখনৰ চিলিঙ ভাঙি ম'বাইল চুৰি কৰিছিল চোৰে । পৰৱৰ্তী সময়ত দোকানখনৰ গৰাকী বেদান্ত দাসে উক্ত বিষয় সন্দৰ্ভত বিজনী থানাত এজাৰ দাখিল কৰাত বিজনী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 461 আৰু 480 ধাৰা অনুসৰি আৰক্ষীৰ 2870/20 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰিছিল । গোচৰ ৰুজু হোৱাৰ পিচতে চিৰাং আৰক্ষীৰ দল এটাই অনুসন্ধান চলাই এমাহৰ পিচত বুধবাৰে বৰপেটা জিলাৰ হাউলীৰ পৰা উক্ত ঘটনাৰ লগত জড়িত এজন চোৰক চিৰাং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷