অসম

assam

ETV Bharat / state

দীপাৱলী উপলক্ষে চিৰাঙৰ আৰক্ষী অধীক্ষকৰ জিলাবাসীলৈ বিশেষ আহ্বান - দীপাৱলী

ভাৰতৰ বাহিৰৰ কোনো আতচবাজি বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে জিলা আৰক্ষী অধীক্ষকজনে। তেওঁ আৰু জনায় যে দুদিন পুৰ্বে বাসুগাঁৱৰ তিনিজন ব‍্যৱসায়ীয়ে অবৈধভাৱে ফটকা ৰখা বুলি তথ‍্য লাভ কৰাৰ পিচত অভিযান চলাই সেইসমূহ জব্দ কৰি আইনী ব‍্যৱস্থা গ্ৰহণ কৰিছে ।

Chirang Police appeal for Dipawali
দীপাৱলী উপলক্ষে চিৰাং জিলা আৰক্ষী অধীক্ষকৰ জিলা বাসীলৈ বিশেষ আহ্বান

By

Published : Nov 11, 2020, 10:26 PM IST

চিৰাং, 11 নৱেম্বৰঃ পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে চিৰাং জিলা আৰক্ষী প্ৰশাসনৰ নিৰ্দেশনা । বুধবাৰে চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে সংবাদ মাধ‍্যমক জনায় যে, আগন্তক দীপাৱলী উপলক্ষে চৰকাৰী নিৰ্দেশনা অনুসৰি ব‍্যৱসায়ীসকলে আতচবাজি, ফটকা আদি বিক্ৰী কৰাৰ বাবে জিলা উপায়ুক্তৰ অনুমতি ল’ব লাগিব। ইয়াৰোপৰি কোনো বিদেশী আতচবাজি বা ফটকা বিক্ৰী কৰিব নোৱাৰিব কোনো ব‍্যৱসায়ীয়ে । কেৱল মাত্ৰ স্বদেশী আতচবাজিহে বিক্ৰী কৰিব পাৰিব ব‍্যৱসায়ীসকলে।

দীপাৱলী উপলক্ষে চিৰাং জিলা আৰক্ষী অধীক্ষকৰ জিলা বাসীলৈ বিশেষ আহ্বান

ইপিনে ভাৰতৰ বাহিৰৰ কোনো আতচবাজি বিক্ৰী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে জিলা আৰক্ষী অধীক্ষকজনে। তেওঁ আৰু জনায় যে দুদিন পুৰ্বে বাসুগাঁৱৰ তিনিজন ব‍্যৱসায়ীয়ে অবৈধভাৱে ফটকা ৰখা বুলি তথ‍্য লাভ কৰাৰ পিচত অভিযান চলাই সেইসমূহ জব্দ কৰি আইনী ব‍্যৱস্থা গ্ৰহণ কৰিছে । গতিকে আৰক্ষীয়ে জিলাখনৰ সকলো থানা, আৰক্ষী চকী এলেকাত কটকটীয়াভাৱে দৃষ্টি ৰাখিব বুলিও জনায়। কোনো ধৰণৰ অনিয়ম হ'লে আৰক্ষীয়ে কঠোৰভাৱে আইনী প্ৰক্ৰিয়াৰে পদক্ষেপ গ্ৰহণ কৰিব বুলি জনায় আৰক্ষী অধীক্ষকজনে । গতিকে এই ক্ষেত্ৰত জিলাবাসীক সতৰ্কতা অৱলম্বনৰ আহ্বান জনায় আৰক্ষীৰ ফালৰ পৰা ।

লগতে পঢ়কঃ প্ৰস্তুতি চলিছে নলবাৰীৰ ৰাস মহোৎসৱৰ

ABOUT THE AUTHOR

...view details