চিৰাং, 5 নৱেম্বৰ : চিৰাঙত বাসুগাঁও আৰক্ষীৰ অভিযান ৷ দীপাৱলীৰ পূৰ্বে বৃহস্পতিবাৰে বাসুগাঁও থুৰিবাৰিৰ ৰূপক চৌধুৰী নামৰ এজন যুৱ ব্যৱসায়ীৰ পৰা বৃহৎ সংখ্যক অবৈধ আতজবাজী জব্দ কৰে আৰক্ষীয়ে ৷
এক গোপন সূত্ৰৰ পম খেদি জিলা(সদৰ) উপ আৰক্ষী অধীক্ষক প্ৰতাপ দাসৰ নেতৃত্বত চলা অভিযানত অবৈধভাৱে মজুত ৰখা আতজবাজী খিনি জব্দ কৰাৰ লগতে যুৱ ব্যৱসায়ীজনকো আটক কৰে আৰক্ষীয়ে ৷