চিৰাং,6 মাৰ্চঃ চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ বড়োলেণ্ড গেষ্টহাউচত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় চিৰাঙৰ সংবাদ কৰ্মী সকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠান ৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ উদ্বোধন কৰে চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে ৷ চৰকাৰী আঁচনি সমুহৰ ৰূপায়ন সন্দৰ্ভত সংবাদ কৰ্মী সকলক অৱগত কৰাৰ উদ্দেশ্য আয়োজন কৰা হয় এই বাৰ্তালাপ অনুষ্ঠান ৷ অনুষ্ঠানৰ উদ্বোধন কৰি উপায়ুক্ত গৰাকীয়ে কয় যে, চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ ওচৰ চপাই অনাত সহায়ক হিচাবে কাম কৰিব পাৰে সংবাদ মাধ্যমে ৷
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ উদ্যোগত চিৰাঙৰ সংবাদকৰ্মীৰ বাৰ্তালাপ অনুষ্ঠান - কাজলগাঁও বড়োলেণ্ড গেষ্টহাউচ
চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ বড়োলেণ্ড গেষ্টহাউচত শুকুৰবাৰে অনুষ্ঠিত কৰা হয় চিৰাঙৰ সংবাদ কৰ্মী সকলৰ সৈতে এক বাৰ্তালাপ অনুষ্ঠান ৷ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানটোৰ উদ্বোধন কৰে চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে ৷
![ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ উদ্যোগত চিৰাঙৰ সংবাদকৰ্মীৰ বাৰ্তালাপ অনুষ্ঠান Chirang PIB Vartalap](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6323765-thumbnail-3x2-c.jpg)
চিৰাঙত অনুষ্ঠিত এই বাৰ্তালাপ অনুষ্ঠানত বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ৷ পিআইবিৰ উত্তৰ-পূৰ্ৱাঞ্চলৰ গুৱাহাটী জ’নৰ সহকাৰী তথ্য বিষয়া বৰ্ণালী মহন্তই পৰিচালনা কৰা অনুষ্ঠানত ক্ষেত্ৰ প্ৰচাৰ বিষয়া পান্ববী সিংহাই তথ্য আৰু প্ৰচাৰ বিভাগে কৰি অহা কামৰ খতিয়ান দাঙি ধৰে ৷ ইয়াৰ উপৰিও চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল ব্ৰহ্মই শিক্ষা খণ্ডৰ বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰে ৷ চিৰাং জিলাৰ ২৫ জনকৈ সাংবাদিকে এই বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক-ভৱিষ্যৎ বচোৱাৰ প্ৰয়াস, 25 গৰাকী কৰ্কটৰগত আক্ৰন্ত শিশুৰ বিনামূলীয়া চিকিৎসা