চিৰাং, 5 জুলাইঃচিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতা অঞ্চলত দেশ প্ৰেমিক এলবামৰ শ্বুটিং । য’ত দেখিবলৈ পোৱা গৈছে সেনা সকলৰ জীৱনৰ ওপৰত আধাৰিত দেশপ্ৰেম মূলক এলবামৰ শ্বুটিং । নক্সালবাদৰ হাতত শ্বহীদ হোৱা এচ এচ বিৰ জোৱান নীৰজ ছেত্ৰীয়ে বলি হৈছিল শ্বহীদ । "তিমি গোৰ্খাকো সন্তান হো" শীৰ্ষক দেশপ্ৰেম মূলক গীতৰ ওপৰত এই এলবাম বনোৱাৰ চেষ্টা কৰিছে । শোণিতপুৰ জিলাৰ চিৰাকুঠীৰ হেমন্ত শৰ্মা নামৰ লোকজনৰ লিখা গীতৰ ওপৰত এই এলবাম বনাই থকাৰ কথাও জনায় হেমন্ত শৰ্মাই ।
শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰি দেশপ্ৰেমিক এলবাম - তিমি গোৰ্খাকো সন্তান হো
চিৰাঙৰ গোৰ্খা সকলে নিৰ্মাণ কৰিছে দেশ প্ৰেমিক এলবাম । "তিমি গোৰ্খাকো সন্তান হো" শীৰ্ষক দেশপ্ৰেম মূলক গীতৰে শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰিছে এই এলবাম ৷
শ্বহীদ নীৰজ শৰ্মাক উচৰ্গা কৰি দেশপ্ৰেমিক এলবাম
শ্বহীদ সেনা জোৱান সকলৰ জীৱনৰ ওপৰত আধাৰিত এলবাম সমূহে নিশ্চয়কৈ সমাজত বিশেষকৈ যুৱ সমাজত বহু পৰিমাণে দেশ প্ৰেমৰ দিশত অনুপ্ৰেৰণা যোগোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷