চিৰাঙ,9 অক্টোবৰঃ পৰ্যটক অথবা দৰ্শনাৰ্থীৰ বাবে সুখবৰ। ক’ৰণা মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা চিৰাং জিলাৰ পাণবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ নৈসৰ্গিক দৃশ্য আৰু বিভিন্ন প্ৰকাৰৰ জীৱ জন্তু দৰ্শন কৰাৰ বাবে বৃহস্পতিবাৰে আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়া হয় চিৰাং জিলাৰ পাণবাৰীৰ বনচোম গেট । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণিধৰ বড়োয়ে কয় যে, তিনিটাকৈ জৈৱ বৈচিত্ৰৰ বৈশিষ্ট থকা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ উগ্ৰপন্থী সমস্যাৰ বাবে দেশী-বিদেশী পৰ্যটক আহিবলৈ ভয় কৰিছিল বাবেই বহু পিচুৱাই গৈছিল মানাহৰ উন্নয়ন । কিন্ত এতিয়া পৰিৱেশ শান্তিপুৰ্ণ হোৱাত পৰ্যটকৰ সংখ্যা বৃদ্ধি হ’ব বুলি আশা ব্যক্ত কৰে বিষয়াগৰাকীয়ে ।
পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীৰ বনচোম গেট - পাণবাৰী বনাঞ্চল
চিৰাঙৰ পাণবাৰীত বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠান। এসময়ত বিটিএডিৰ অশান্ত জৰ্জৰ পৰিস্থিতিৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যটকৰ আগমন কমিছিল যদিও এতিয়া অঞ্চলটোলৈ শান্তি ঘুৰি অহাত পৰ্য্যটকৰ সংখ্যা বঢ়াৰ সম্ভাৱনা আছে বুলি মত প্ৰকাশ কৰে ধৰণিধৰ বড়োয়ে ৷
![পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰীৰ বনচোম গেট Chirang Panbari Manas opening](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9106139-310-9106139-1602215306234.jpg)
ইপিনে মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থকা বিটিচি বন বিভাগৰ মুখ্য বিষয়া অনিন্দ স্বৰ্গীয়াৰী ৷ অনুষ্ঠানত তেওঁ কয় যে, মানাহৰ শালবাৰী বনাঞ্চলত পৰ্যটক যি পৰিমানে হয়, সিমান পৰিমাণে পানবাৰীত নহাৰ কাৰণ হিচাবে যাতায়াতৰ বাবে পথৰ দুৰৱস্থা আৰু পৰ্যটক সকলৰ থকাৰ ঠাইৰ অভাৱ আছিল বুলি কয় । ইতিমধ্যে বিটিচি পৰ্যটন বিভাগে দুয়োটা বিষয়ত গুৰুত্ব প্ৰদান কৰি পথ ভাল কৈ নিৰ্মাণ কৰাৰ লগতে পৰ্যটক সকলৰ থকাৰো সু-ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে । আনহাতে পাণবাৰী বনাঞ্চলতৈ কম দিনৰ ভিতৰতে ৪-৫ টা গঢ় অনাৰো ব্যৱস্থা কৰা হৈছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সমানে আগবাঢ়ি যাব পৰাকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিকাশত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি জনায় অনিন্দ স্বৰ্গীয়াৰীয়ে ।
মানাহ ব্যঘ্ৰ প্ৰকল্পৰ বিশেষ কৰ্তব্যৰত বিষয়া ধৰণিধৰ বড়োয়ে আঁত ধৰা সভাখনত মুখ্য অতিথি হিচাবে উপস্থিত থাকে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচৰ এডিছনেল প্ৰিঞ্চিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট তথা কাউঞ্চিল হেড ডিপাৰ্টমেণ্ট ফৰেষ্ট বিষয়া অনিন্দ স্বৰ্গয়াৰীৰ ওপৰিও মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কো-অৰ্ডিনেটৰ দেৱ কুমাৰ দত্ত, মানাহ ৰাষ্ট্ৰীয় উদ্যান ব্যঘ্ৰ প্ৰকল্পৰ ফিল্ড ডিৰেক্টৰ অমল চন্দ্ৰ শৰ্মা, চিৰাং জিলা বন বিষয়া ব্ৰহ্মানন্দ পাটিৰী, বিজনী মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয়কে আদি কৰি বন বিভাগৰ কেইবা গৰাকীও বিষয়া।