অসম

assam

ETV Bharat / state

সোণালী জয়ন্তীত মুখৰিত হ‘ল বিজনীৰ পালেংবাৰী হাইস্কুল - বিজনীৰ পালেংবাৰী হাইস্কুল সোণালী জয়ন্তী উদযাপন

চিৰাং বিজনীৰ পালেংবাৰী হাইস্কুলৰ তিনি দিনীয়া কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপন ৷

Chirang Palengbar HE Golden Jubilee
সোণালী জয়ন্তীত মুখৰিত হ‘ল বিজনীৰ পালেংবাৰী হাইস্কুল

By

Published : Jan 21, 2020, 8:40 AM IST

চিৰাং, 20 জানুৱাৰীঃ চিৰাং বিজনীৰ পালেংবাৰী হাইস্কুলে অতিক্ৰম কৰিলে 50 বছৰ ৷ পালেংবাৰী হাইস্কুলৰ তিনি দিনীয়া কাৰ্যসূচীৰে উদযাপন সোণালী জয়ন্তী। সোমবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কনক চন্দ্ৰ নাথে। শোভাযাত্ৰাত বিভিন্ন জাতি-জনগোষ্ঠীৰ দেশী জনগোষ্ঠী,বিহু দল, বড়ো নৃত্য,গাৰো নৃত্য আদি পৰিৱেশন কৰে। আনহাতে বিয়লি ২ বজাত অনুষ্ঠিত হয় মুকলি সভা। সোনালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি ননী মোহন ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত কেবাজনো বিশিষ্ট শিক্ষাবিদে ভাষণ দিয়ে ।

সোণালী জয়ন্তীত মুখৰিত হ‘ল বিজনীৰ পালেংবাৰী হাইস্কুল

লগতে পঢ়ক:নতুন মন্ত্ৰী সঞ্জয় কিশানৰ কনভয়ৰ পাছে পাছে আছুৰ ক'লা পতাকা, ক'লা বেলুন

মুকলি সভাত উপস্থিত থাকি চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক শ্ৰীযুত জয়পাল সিং ব্ৰহ্মই সোনালী জয়ন্তীৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে। তাৰোপৰি সভাত তিনি সহস্ৰাধিক প্ৰাক্তন তথা বৰ্তমানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

For All Latest Updates

ABOUT THE AUTHOR

...view details