অসম

assam

ETV Bharat / state

চিৰাঙত উন্মুক্ত ৰে'লৱে ক্ৰছিঙে কঢ়িয়াইছে বিপদৰ আশংকা - IOCL

দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত তদানীন্তন ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ কৃপাত পথছোৱাৰে যাতায়াত মুকলি কৰা হয় ৷

উন্মুক্ত ৰেলপথ, যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ বিপদ

By

Published : Jun 16, 2019, 2:59 PM IST

চিৰাং, 16 জুনঃ চিৰাঙৰ ঢালিগাঁৱৰ বৰতালোৱাৰ ৰে'লৱে ক্ৰছিঙত যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ হোৱা আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ তলেৰে যোৱা ৰে'লপথটো পাৰ হ'বলৈ কোনো ৰে'ল বেৰিকেডৰ ব্যৱস্থা কৰা নাই ৰে'লবিভাগে ৷ যাৰ ফলত নিতৌ বাধাহীনভাৱে বহুসংখ্যক লোকে অতি বিপজ্জনকভাৱে পাৰ হ'বলগীয়া হৈছে ৷

উন্মুক্ত ৰেলপথ, যিকোনো মুহুৰ্ততে সংঘটিত হ'ব পাৰে ভয়াৱহ বিপদ

উল্লেখ্য যে এই ৰেলপথেৰেই বঙাইগাঁও শোধনাগাৰৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহ হয় পেট্ৰ'লজাত সামগ্ৰী ৷ ইয়াৰ বাবেই বঙাইগাঁও শোধনাগাৰ কৰ্তৃপক্ষই ষড়যন্ত্ৰমূলকভাৱে উক্ত পথছোৱা বন্ধ কৰি দিব বিচাৰি ৰে'ল ক্ৰছিং উঠাই দিয়ে ৷ কিন্তু দীৰ্ঘদিনীয়া আন্দোলনৰ অন্তত তদানীন্তন ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ কৃপাত পথছোৱাৰে যাতায়াত মুকলি কৰা হয় ৷ ৰাইজে যাতায়াতৰ সুবিধা পালেও আজিলৈকে উক্ত স্থানত কোনোধৰণৰ ক্ৰছিং বেৰিকেডৰ ব্যৱস্থা নকৰিলে ৰেল বিভাগে ৷ যাৰ ফলত এতিয়া বিপদজ্জনকভাৱে পথছোৱাৰে যাতায়াত অব্যাহত ৰাখিছে বহুসংখ্যক যাত্ৰীয়ে ৷

ABOUT THE AUTHOR

...view details