অসম

assam

ETV Bharat / state

চিৰাঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ - শেষতীয়াকৈ ভাৰত-ভূটান সীমান্তত

চিৰাঙৰ ৰুণিখাতাত ফাৰ্মাচীত আৰক্ষীৰ অভিযান। অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ নিষিদ্ধ স্পাচমো প্ৰক্সিভন কেপছুল জব্দ। ফাৰ্মাচিষ্ট নিলিখাং ৱেৰী(৪৫)ক গ্ৰেপ্তাৰ ।

Chirang one pharmachist arrest with drugs
চিৰাঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

By

Published : Oct 27, 2020, 8:45 PM IST

চিৰাঙ,27 অক্টোবৰঃ চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰিবাহিক অভিযান অব‍্যাহত । জিলাখনৰ ভাৰত-ভুটান সীমান্তৰ ৰুনিখাতা বজাৰত আৰক্ষীৰ অভিযান এইবাৰ ফাৰ্মিচিত। কোনো ধৰনৰ পঞ্জিয়ন নথকা ফাৰ্মাচী খনত অবৈধ ভাৱে মজুত ৰখা নিষিদ্ধ ৪৮১৬ টা স্পাছমো প্ৰক্সিভন কেপছুল জব্দ কৰে । বিয়লি তিনি বজাত আৰক্ষীয়ে চলোৱা এই অভিযানত ফাৰ্মাচীৰ গৰাকি নিলিখাং ৱেৰী(৪৫) নামৰ লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। নিষিদ্ধ ঔষধৰ লগতে এটা মোবাইল ফোন , নগদ 4314 টকা,বেগ এটা জব্দ । শেষতীয়াকৈ ভাৰত-ভূটান সীমান্তত আৰক্ষীৰ অভিযানত নিষিদ্ধ এই ধৰণৰ ঔষধৰ লগতে ড্ৰাগছ সহ কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে যোৱা ১৫ দিনত।

চিৰাঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ

ইয়াৰ পিচতে ড্ৰাগছ ব‍্যৱসায়ীয়ে ফাৰ্মাচীৰ সৈতে জড়িত হৈ চলাই গৈছিল এই অবৈধ ব‍্যৱসায় । এই স্পাচমো প্ৰক্সিভন কেপছুল আতলতে নিচাজাতীয় কামতহে ব‍্যৱহাৰ কৰে যুৱ প্ৰজন্মৰ একাংশ যুৱক-যুৱতীয়ে। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে আৰক্ষীৰ অভিযান অব‍্যাহত থাকিব ড্ৰাগছৰ বিৰুদ্ধে । ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে আৰক্ষী সদায় অভিযান অব‍্যাহত ৰাখিব এইক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা কামনা কৰিছে আৰক্ষী বিষয়াজনে ।

চিৰাঙত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ
লগতে পঢ়কঃ আন্তৰ্জাতিক সংস্থাৰ ভাৰতৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া

ABOUT THE AUTHOR

...view details