মাছ ধৰিবলৈ গৈ বজ্ৰপাতত নিহত এজন - চিৰাঙৰ পানবাৰীত মাছ ধৰিবলৈ গৈ বজ্ৰপাতত নিহত এজন লোক
কাষৰে হাকোৱা নদীত মাছ ধৰিবলৈ চেপা পাতিছিল লোকজনে ৷ বতৰ বেয়া হৈ অহাৰ বাবে চেপা চাবলৈ গৈ আদ বাটৰ পৰা উভতা ৰবিন বড়োৰ ঘৰ পাওতেই বজ্ৰ পৰি মৃত্যু হয় ।
চিৰাং, 1 মে : শুকুৰবাৰে পুৱা প্ৰায় ৫ বজাত চিৰাং জিলাৰ পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত খাশিবাৰী গাৱঁত বজ্ৰপাত পৰি নিহত হয় ৰবিন বড়ো (৪৬) নামৰ এজন ব্যক্তি । জানিব পৰা মতে, কাষৰে হাকোৱা নদীত মাছ ধৰিবলৈ চেপা পাতিছিল লোকজনে ৷ বতৰ বেয়া হৈ অহাৰ বাবে চেপা চাবলৈ গৈ আদ বাটৰ পৰা উভতা ৰবিন বড়ো নামৰ ব্যক্তিগৰাকীৰ ঘৰ পাওতেই বজ্ৰ পৰি মৃত্যু হয় । লক্ ডাউনৰ মাজতে সংঘটিত হোৱা এই ঘটনাত মৰ্মাহত হৈছে অঞ্চলবাসী । ইতিমধ্যে ঘটনাস্থলীত পাণবাৰী থানাৰ আৰক্ষী উপস্থিত হৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে জিলাসদৰ কাজলগাঁৱলৈ প্ৰেৰণ কৰিছে ৰবিন বড়োৰ মৃতদেহ । দৰিদ্ৰ পৰিলটিৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ মৃত্যুত পৰিয়ালটি বঠা নোহোৱা নাওৰ দৰে হৈ পৰা বুলি জানিবলৈ দিয়ে স্থানীয় লোকে ।