অসম

assam

ETV Bharat / state

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু - বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু

বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা দীন মাহাতো নামৰ লোকজনৰ ঘৰ বিহাৰৰ খাগাৰীয়া জিলাৰ মঞ্চি থানাৰ অধীনৰ টাটাত ৷ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে দীৰ্ঘদিনৰে পৰা অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু

By

Published : Nov 1, 2019, 7:36 PM IST

চিৰাং, 1 নৱেম্বৰঃচিৰাঙৰ ৰুণীখাটা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীন থকা ব্ৰহ্মপাৰাত বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় এজন বৃদ্ধাৰ ৷ স্থানীয় লোকৰ ভাষ্য অনুসৰি, অঞ্চলটোত পাৱাৰ গ্ৰীডৰ কাম কৰি থকা 'স্পিকাৰ' নামৰ প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে গাঁৱখনত শিবিৰ পাতি থকা অৱস্থাত নিশা ১১ মান বজাত বনৰীয়া হাতীৰ চিঞৰ শুনিবলৈ পায় ৷ তাৰ পাচতে শিবিৰটোৰ চকীদাৰ ৬২ বছৰীয়া দীন মাহাতো নামৰ লোকজনক হাতীয়ে আক্ৰমণ কৰে ৷ যাৰ ফলত থিতাতে নিহত হয় দীন মাহাতো ৷ পুৱাৰ ভাগত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ হোৱাৰ পাছত বন বিভাগ আৰু আৰক্ষীৰ দলে মৃতদেহ উদ্ধাৰ কৰি কাজলগাঁও জে এছ বি চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

চিৰাঙত বন্যহস্তীৰ আক্ৰমণত বৃদ্ধাৰ মৃত্যু


উল্লেখ্য যে, বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা দীন মাহাতো নামৰ লোকজনৰ ঘৰ বিহাৰৰ খাগাৰীয়া জিলাৰ মঞ্চি থানাৰ অধীনৰ টাটাত ৷ ভাৰত-ভূটান সীমান্তৰ বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে বিগত সময়ছোৱাত অঞ্চলটোত উপদ্ৰৱ চলাই আহিছে ৷ ইয়াৰ পূৰ্বেও ৰিপু চিৰাং বনাঞ্চল তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা অহা বন্যহস্তীৰ জাকৰ আক্ৰমণত সীমান্তত মৃত্যু হৈছে বহু লোকৰ । এই ক্ষেত্ৰত বন বিভাগে যি ধৰণৰ তৎপৰতাৰে বন্য হস্তীৰ ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগিছিল সেই ধৰণৰ কোনো তৎপৰতা নাই বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details