অসম

assam

ETV Bharat / state

চিৰাঙত গাঞ্জাসহ এজন সৰহবৰাহকাৰী আৰক্ষীৰ জালত - পশ্চিম এংকৰবাৰী

চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পশ্চিম এংকৰবাৰীৰ পৰা গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ চিৰাং জিলা আৰক্ষীৰ ।

চিৰাঙত গাঞ্জাসহ এজন সৰহবৰাহকাৰী আৰক্ষীৰ জালত
চিৰাঙত গাঞ্জাসহ এজন সৰহবৰাহকাৰী আৰক্ষীৰ জালত

By

Published : Jun 1, 2021, 10:08 PM IST

চিৰাং, 1 জুন: মহামাৰী ক’ৰণাৰ বাবে ৰাজ্যত এতিয়া মিনি লক ডাউন সদৃশ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ কিন্তু তাৰ মাজতেও উদ্বেগজনকভাৱে ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা ৷ একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সান্ধ্য আইন বলৱৎ হৈ থকাৰ সুযোগ লৈ চলাই গৈছে অবৈধ ব্যৱসায় ৷

তাৰ মাজতে মঙলবাৰে চিৰাঙৰ জিলাত আৰক্ষীৰ জালত পৰে গাঞ্জা সৰবৰাহকাৰী ৷ এই সৰ্ন্দভত চিৰাং জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰকাশ মেধিয়ে জনায় যে, ঢালিগাঁও থানাৰ অন্তৰ্গত পশ্চিম এংকৰবাৰীত আৰক্ষীয়ে অভিযান চলাই মহাদেৱ ৰায়(৪৬) নামৰ লোক জনৰ পৰা ৭.৮০০ গ্ৰাম গাঞ্জাসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

চিৰাং জিলাৰ আৰক্ষীয়ে সদৰি কৰে যে, আগন্তুক সময়তো এই দৰে অবৈধ ড্ৰাগছ আৰু গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই যাব ৷

লগতে পঢ়কঃ ক'ভিড-১৯: আদালত বন্ধৰ বাবে আৰ্থিক সংকটত অধিবক্তা, ভেণ্ডৰ

ABOUT THE AUTHOR

...view details