অসম

assam

ETV Bharat / state

বিজনীৰ লাওক্ৰীগুৰীত দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ - Chirang one arrest with Leopard Skin

চিৰাং জিলাৰ বিজনীৰ লাওক্ৰীগুৰীত এচএচ বি আৰু বন বিভাগৰ যৌথ অভিযান। দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ(ক্লাউডেড লিঅপাৰ্ড/নিঅফেলিচ নেবুলোচা)ৰ ছালসহ সহজ উদ্দিন(22) নামৰ এজন যুৱকক গ্ৰেপ্তাৰ। লাওক্ৰীগুৰীৰ নিজ বাস গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হয় চোৰাং চিকাৰী জনক।

বিজনীৰ লাওক্ৰীগুৰীত দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ
বিজনীৰ লাওক্ৰীগুৰীত দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ

By

Published : Oct 17, 2020, 7:30 PM IST

চিৰাং,17 অক্টোবৰঃ চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী লাওক্ৰীগুৰীত এচ এচ বি ৰ ১৫ নং বেটেলিয়ন আৰু বন বিভাগৰ বৰপথাৰ বিষ্ণুপুৰ ফৰেষ্ট বিট কাৰ্যালয়ৰ বন কৰ্মীৰ যৌথ অভিযান। যোৱা নিশা চলোৱা এই অভিযানত দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ(ক্লাউডেড লিঅপাৰ্ড/নিঅফেলিচ নেবুলোচা)ৰ ছালসহ সহজ উদ্দিন নামৰ(22) এজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰা হয়। এক বিশেষ খবৰৰ ভিত্তিত অভিযানকাৰী দলটোৱে পুৱা পাঁচ বজাত অতৰ্কিতে অভিযান চলাই নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰে চোৰাং ব‍্যৱসায়ী যুৱক জনক। এই সন্দৰ্ভত চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে এয়া পৃথিৱীৰ অতিকে দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ(ক্লাউডেড লিঅপাৰ্ড/নিঅফেলিচ নেবুলোচা)ৰ ছাল হয় । এই জন্তু কেৱল ভাৰত-ভূটান সীমান্তৰ চিৰাং জিলাত পোৱা যায় । দুষ্প্ৰাপ‍্য প্ৰাণীৰ প্ৰথম তালিকাৰ ৬ নম্বৰত আছে এইবিধ প্ৰাণী। চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ পৰা মানাহলৈ ইয়াৰ বিচৰণ হয়। লগতে কোকৰাঝাৰ জিলাৰ উল্টাপানী আৰু শিঙিমাজুলি অঞ্চলতো থকাৰ উমান পোৱা বুলিও জনায় বন বিষয়া জনে । গোটেই পৃথিৱীত মাথো ৩০০ টা মান এই প্ৰাণী থকাৰ বিষয়েও কয় তেওঁ। ছালটো চিকাৰীৰ পৰা উদ্ধাৰ কৰিব পৰা নাই যদিও বিক্ৰীৰ বাবে যাৰ ঘৰত ৰাখিছিল তেওঁকে ছালৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ কথাও কয় বিষয়া জনে । গ্ৰেপ্তাৰ লোকজনক বন বিভাগে অধিক তথ‍্যৰ বাবে সোধপোচ অব‍্যাহত ৰাখিছে । এই সন্দৰ্ভত ভাৰতীয় বন সুৰক্ষা আইন ১৯৭২ৰ ধাৰা ৯,২৭,২৯,৩১,৩৯,৪৪(১)(এ)আৰু ৫১ অনুসৰি বন বিভাগে বিপি/০২/অ আৰ/১০ নম্বৰ গোচৰ পঞ্জিয়ন কৰিছে ।

বিজনীৰ লাওক্ৰীগুৰীত দুষ্প্ৰাপ‍্য লতা মাকৰি বাঘ
চিৰাঙত বন‍্যপ্ৰাণীৰ ছালৰ আন্তৰ্জাতিক ব‍্যৱসায়ী জড়িত থকা বুলি সন্দেহ কৰা হৈছে । কিয়নো চলিত বৰ্ষৰ প্ৰথমাৰ্ধত চিৰাঙৰ তিনিজন লোকৰ সৈতে বাঘৰ ছাল সহ পশ্চিম বঙ্গত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল পশ্চিমবঙ্গ আৰক্ষীৰ নিয়মিত তালাচীত। এয়াৰোপৰি চিৰাং জিলাত হাতী দাতৰ সৈতে কেবাজনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে চিৰাং আৰক্ষী আৰু বন বিভাগে। এই সন্দৰ্ভত জিলাখনত বন বিভাগে অধিক কটকটীয়া ভাৱে তালাচী আৰু বন‍্যপ্ৰাণীৰ প্ৰতি দৃষ্টি ৰখাৰ কথাও জনায় চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে । লগতে চাওকঃ চাকৰিৰ প্ৰলোভনৰে ধন সংগ্ৰহ কৰিছিল ৰাজীৱ পৰাশৰেঃ আৰক্ষী আয়ুক্ত

ABOUT THE AUTHOR

...view details