চিৰাং, 25 এপ্ৰিল : অ’ভাৰব্ৰীজৰ তলত বসবাস কৰা চিৰাঙৰ এগৰাকী দুৰ্ভগীয়া বৃদ্ধা । 60 বছৰ বয়সৰ উৰ্ধৰ বৃদ্ধাগৰাকীৰ নাম মামনি সহায় । তেওঁ নিজকে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ বাসিন্দা বুলি পৰিচয় দিয়ে যদিও নিজৰ বুলিবলৈ নাই কোনো আত্মীয়-স্বজন। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা হেতুকে সৰুতেই বৃদ্ধাগৰাকীক কোনো লোকে চিৰাঙৰ ঢালিগাঁৱৰ বৰতালোৱাত লৈ গৈ চাহৰ দোকান এখনত থৈ আহিছিল । তেতিয়াৰ পৰাই এইখন চাহৰ দোকানত কাম কৰিয়ে জীৱন অতিবাহিত কৰিলে বৃদ্ধাগৰাকীয়ে।
অ’ভাৰব্ৰীজৰ তলতে দুৰ্বিষহ জীৱন কটাইছে এগৰাকী বৃদ্ধাই - বেচৰকাৰী সংস্থাক আৰু চৰকাৰ-প্ৰশাসনক আহ্বান
এটা দুৰ্বিষহ জীৱন । 60 বছৰ বয়সৰ উৰ্ধৰ বৃদ্ধা এগৰাকীয়ে অ’ভাৰব্ৰীজৰ তলতেই কটাইছে জীৱন ৷ চিৰাঙৰ বৰতালোৱা বজাৰত খুজি-মাগি খাই আৰু ধুমুহা-বৰষুণক নেওচি 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ অ’ভাৰ ব্ৰীজৰ তলতে নিশাটো পাৰ কৰি জীয়াই আছে বৃদ্ধাগৰাকীয়ে ৷ বৃদ্ধাগৰাকীৰ খোৱা আৰু থকাৰ সুবিধা কৰি দিবলৈ স্থানীয় ৰাইজে বেচৰকাৰী সংস্থাক আৰু চৰকাৰ-প্ৰশাসনক আহ্বান জনায় ৷
গোটেই জীৱন কুমাৰী হৈ কটোৱা বৃদ্ধাগৰাকীয়ে বৰতালোৱা বজাৰত খুজি-মাগি যি পায় তাকেই খায় আৰু নিশাটো ধুমুহা-বৰষুণক নেওচি 31নং ৰাষ্ট্ৰীয় ঘাইপথৰ অ’ভাৰব্ৰীজৰ তলতে পাৰ কৰে । কিন্তু এই লক ডাউনৰ সময়ছোৱাত বজাৰ বন্ধ হোৱাৰ বাবে খাদ্যৰ নাটনি হৈছে বৃদ্ধাগৰাকীৰ । লগতে এই দুৰ্যোগৰ সময়ত কোনো বৃদ্ধাশ্ৰমত থোৱাৰো সুবিধা নাই । সেয়েহে স্থানীয় ৰাইজে বৃদ্ধাগৰাকীৰ খোৱা আৰু থকাৰ সুবিধা কৰি দিবলৈ বেচৰকাৰী সংস্থা বা চৰকাৰ-প্ৰশাসনক আহ্বান জনাইছে ৷
লগতে পঢ়ক : মৰিগাঁৱত সামাজিক মাধ্যমত এহাজাৰ টকীয়া বিতৰ্ক